
বোকাখাতৰ স্বেচ্ছাসেৱী সংগঠন গ্ৰাছে (Voluntary Organization Grass) শিক্ষক দিৱসৰ দিনা প্ৰতি বছৰে প্ৰদান কৰি অহা গ্ৰাছ নিৰ্মল সেউজ বঁটা (Grass Nirmal Green Award) প্ৰদান কৰে ৷ প্ৰতি বছৰে ৫ জুনত গ্ৰাছৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই বঁটাৰ লগতে আন আন বঁটাসমূহ প্ৰদান কৰি আহিছিল যদিও এইবাৰ শিক্ষক দিৱস (Teacher’s Day)ৰ দিনা নিৰ্বাচিত বিদ্যালয়খনিতে ব্যতিক্ৰমী ৰূপত এই বঁটা প্ৰদান কৰে ৷ বিদ্যালয়খনৰ সকলো দিশ সামৰি জুৰি বৰ্ডে নিৰ্বাচন কৰে এখন বিদ্যালয় ৷ ২০২৪ বৰ্ষত গ্ৰাছ নিৰ্মল সেউজ বঁটা লাভ কৰিছে কৈলাখাত প্ৰাথমিক বিদ্যালয়ে ৷ আজিৰ কাৰ্যসূচী অনুসৰি পুৱা গছপুলি ৰোপনৰ শুভাৰম্ভ কৰে কৰে গাঁওখনৰ বয়োজ্যেষ্ঠ ব্যক্তি সৰ্বেশ্বৰ শইকীয়াই ৷

ইয়াৰ পিছতে ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণণ আৰু থানেশ্বৰ ভূঞাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ফণিধৰ হাজৰিকাই ৷ বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক তথা বোকাখাত মহকুমা সাংবাদিক সংন্থাৰ সভাপতি বুবুল দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত বোকাখাতৰ সহকাৰী আয়ুক্ত গুলজাৰ হুছেইন, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বিশিষ্ট সমাজকৰ্মী শৰৎ ৰঞ্জন শৰ্মা, জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি ছৈয়দ আনিছুৰ ৰহমান, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক জ্যোতি বিকাশ শৰ্মা, খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ সমল ব্যক্তি প্ৰদীপ শৰ্মা, সাংস্কৃতিক কৰ্মী মনো বৰা, জ্যেষ্ঠ নাগৰিক অজিত ৰাজখোৱা, ভাৰতীয় জীৱন বীমা নিগমৰ প্ৰশাসনিক বিষয়া ৰঞ্জু কুমাৰ বৰুৱা, শশাংক শেখৰ ভূঞাই শিক্ষক দিৱসৰ তাৎপৰ্য, গ্ৰাছৰ কৰ্মৰাজি আৰু কৈলাখাত প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক, সামাজিক, আন্তঃগাঁথনিৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷ বিদ্যালয়খনৰ সুন্দৰ পৰিৱেশৰ বিষয়ে সকলোৱে একেমুখে শলাগ লয় ৷
বক্তব্যৰ মাজতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে ৷ ইয়াৰ পিছতে গ্ৰাছে প্ৰতিবছৰে প্ৰদান কৰি অহা থানেশ্বৰ ভূঞা সোঁৱৰণী “গ্ৰাছ নিৰ্মল সেউজ বঁটা – ২০২৪” বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন ভূঞা আৰু সহ শিক্ষক, বিদ্যালয় পৰিচালনা সমিতিৰ হাতত দাতা পৰিয়ালৰ হৈ শশাংক শেখৰ ভূঞা আৰু গ্ৰাছ পৰিয়ালে প্ৰদান কৰে ৷ অনুষ্ঠানটিৰ আঁত ধৰে গ্ৰাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰা আৰু অমৰ শৰ্মাই ৷ অনুষ্ঠানত ভাৰতীয় জীৱন বীমা নিগমৰ বোকাখাত শাখাৰ প্ৰশাসনিক বিষয়া ৰঞ্জু কুমাৰ বৰুৱাই বিদ্যালয়খনৰ পাঁচগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক গামোছা, গ্ৰন্থৰ টোপোলা আৰু একোটিকৈ কলমেৰে সম্বৰ্ধনা জনায় ৷













