
ডিব্ৰুগড় পৌৰ নিগম (Dibrugarh Municipal Corporation)ৰ এক দৃষ্টান্তমূলক সিদ্ধান্ত (Exemplary decisions)। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডঃ চৈকত পাত্ৰ তথা উপ-মেয়ৰ উজ্জ্বল ফুকনৰ নেতৃত্বত জাৰি কৰিছে এক নিৰ্দেশনা। এতিয়াৰে পৰা ডিব্ৰুগড় পৌৰ নিগমৰ অন্তৰ্গত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে (Business Establishment) নামফলকত অসমীয়া ভাষা বাধ্যতামূলক (Assamese language is mandatory in nameplate) কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি, ডিব্ৰুগড় পৌৰ নিগমৰ অধীনস্থ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকত ইংৰাজীৰ লগতে থাকিব অসমীয়া ভাষাত নাম।

ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰে স্বাক্ষৰ কৰা নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে ডিব্ৰুগড় পৌৰ নিগম এলেকাধীন সকলো দোকান তথা ব্যৱসায়িক প্রতিষ্ঠানৰ নামফলক অসমীয়াত লিখাটো বাধ্যতামূলক কৰা হৈছে। ১নং ৱাৰ্ডৰ পৰা ২২নং ৱাৰ্ডলৈকে সকলো দোকান আৰু ব্যৱসায়িক প্রতিষ্ঠানত এই নিৰ্দেশ প্ৰযোজ্য হ’ব। এই নিৰ্দেশনা ৯ ছেপ্টেম্বৰত জাৰি কৰি ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে ৭ দিনৰ সময়সীমা বান্ধি দিয়া হৈছে।













