
এটা, দুটা নহয়, চাৰিটাকৈ ঘূৰ্ণীবতাহ (Four cyclones each)ৰ একেলগে অৱস্থান এতিয়া দেশৰ একাধিক ৰাজ্যত। বাৰিষাৰ শেষৰ সময়ত ঘূৰ্ণীবতাহৰ বাবে ভয়াৱহ বতৰৰ পূৰ্বাভাস (Forecast of severe weather) কৰা হৈছে। ফলত ধাৰাসাৰ বৰষুণে উৎসৱৰ আনন্দ নষ্ট কৰিব পাৰে। লগতে কেইবাখনো ৰাজ্যত আগতীয়াকৈ সতৰ্কবাণী জাৰি (Early warning issued) কৰিছে বতৰ বিজ্ঞান কাৰ্যালয়ে।

বতৰ বিভাগৰ তথ্য অনুসৰি, বৰ্তমান অন্ধ্ৰপ্ৰদেশৰ উপকূল, বাংলাদেশৰ পূব উপকূল, অৰুণাচল প্ৰদেশ-অসম সীমান্ত আৰু উত্তৰ-পশ্চিম ভাৰত সীমান্তত চাৰিটা ঘূৰ্ণীবতাহ প্ৰবাহিত হৈ আছে। ইয়াৰ প্ৰভাৱৰ বাবে চুবুৰীয়া কেইবাখনো ৰাজ্যত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।
আনহাতে, আগন্তুক ২৪ ঘণ্টাত তামিলনাডু, কেৰালা, কৰ্ণাটক, উপ-হিমালয়ান পশ্চিমবংগ আৰু উত্তৰ-পূব ভাৰতৰ কিছু অংশত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, উত্তৰ-পূব ভাৰত, পশ্চিমবংগ, বিহাৰ, পূব উত্তৰ প্ৰদেশ, তেলেংগানা, কংকন আৰু গোৱা, মধ্য মহাৰাষ্ট্ৰ, উত্তৰ আভ্যন্তৰীণ কৰ্ণাটক আৰু লাক্ষাদ্বীপত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হ’ব পাৰে। পশ্চিম হিমালয়, ওড়িশা, ছত্তীশগড় আৰু ঝাৰখণ্ডত সামান্য বৰষুণ হ’ব পাৰে।













