
যোৱা এপ্ৰিল মাহত অভিনেতা ছলমান খান (Salman Khan)ৰ ঘৰৰ সন্মুখত গুলীচালনাৰ অভিযোগ (Allegations of firing) উত্থাপন হৈছিল। কিন্তু প্ৰমাণৰ অভাৱত অভিযুক্তক আৰক্ষীয়ে এৰি দিয়ে। মহাৰাষ্ট্ৰ এন চি পি নেতা বাবা ছিদ্দিকি হত্যাকাণ্ড (Murder of Baba Siddique)ৰ ঘটনাত এইবাৰ সন্দেহযুক্ত লোকৰ তালিকাত আছে সেই একেজন ব্যক্তি। সন্দেহযুক্ত লোকজন হৈছে শুভম লংকৰ (Shubham Lankar)। আৰক্ষীৰ মতে ছিদ্দিকি হত্যাকাণ্ডৰ অন্যতম ষড়যন্ত্ৰকাৰী শুভম।

উল্লেখ্য যে শুভমে ছিদ্দিকি হত্যাকাণ্ডৰ পিছৰে পৰা আত্মগোপন কৰি আছে। অৱশ্যে একেটা ঘটনাতে তেওঁৰ জ্যেষ্ঠ ভাতৃ প্ৰবীণক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সূত্ৰ অনুসৰি, প্ৰবীণ আৰু শুভম দুয়োজনেই নিজকে লৰেন্স বিষ্ণয় গেঙৰ সদস্য বুলি দাবী কৰিছে। কেৱল সেয়াই নহয়, ছিদ্দিকি হত্যাকাণ্ডৰ পিছত শুভমে ছ’চিয়েল মিডিয়াত কয় যে এই হত্যাকাণ্ডৰ দায়িত্ব বিষ্ণয় গোটে লৈছে। তদন্তকাৰীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, গুলীচালনাকাৰীক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছিল শুভমে আৰু প্ৰবীণে তেওঁলোকৰ আশ্ৰয় আৰু বাহনৰ ব্যৱস্থা কৰে।
সূত্ৰ অনুসৰি ছলমান খানৰ বান্দ্ৰা বাসগৃহৰ সন্মুখত সংঘটিত গুলীচালনাৰ ঘটনাৰ তদন্ত কৰি থকা অৱস্থাত শুভম লংকৰৰ নাম আহিছিল। আৰক্ষীয়ে তেওঁক সোধা-পোছাৰ বাবে আনিছিল। গুলীচালনা কাণ্ডৰ আন অভিযুক্তক জেৰা কৰি আৰক্ষীয়ে শুভমৰ নাম লাভ কৰে। সূত্ৰই দাবী কৰিছে যে সেই কাণ্ডতো শুভমে গুলীচালনাকাৰীক আশ্ৰয় দিছিল। কিন্তু আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ বিচাৰি নোপোৱাৰ ফলত শুভমক মুকলি কৰি দিবলগা হয়।











