
এন চি পিৰ নেতা বাবা ছিদ্দিকিক হত্যা (Baba Siddiqui was killed)ৰ এমাহ পাৰ নৌহওঁতেই পুনৰ মৃত্যুৰ ভাবুকি অভিনেতা ছলমান খানক। আনহাতে, ছিদ্দিকিৰ পুত্ৰ জীশানকো ফোনযোগে ভাবুকি দিয়া হৈছে। এই অভিযোগ দাখিল কৰাৰ দুদিন পিছতে নয়দাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত (The accused was arrested from Noida) যুৱকজনক। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এন চি পি নেতা (অজিত পাৱাৰ) বাবা ছিদ্দিকিক যোৱা ১২ অক্টোবৰত তেওঁৰ কাৰ্যালয়ৰ সন্মুখত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। ইতিমধ্যে এই হত্যাকাণ্ডৰ সৈতে জড়িত ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

মঙলবাৰে পুৱা এক সূত্ৰই জনোৱা মতে, শেহতীয়াকৈ জীশানক মৃত্যুৰ ভাবুকি দিয়া হৈছে। মুম্বাইৰ বান্দ্ৰা ইষ্ট সমষ্টিৰ বিধায়ক তেওঁ। শুকুৰবাৰে সন্ধিয়া তেওঁৰ বান্দ্ৰা কাৰ্যালয়লৈ অচিনাকি নম্বৰৰ পৰা ফোন আহে। অভিযোগ অনুসৰি, জীশানক ফোনযোগে মৃত্যুৰ ভাবুকি দিয়া হৈছিল। জীশানৰ লগতে ছিদ্দিকিৰ ঘনিষ্ঠ বন্ধু তথা বলীউড অভিনেতা ছলমান খানকো মৃত্যুৰ ভাবুকি দিয়া হৈছে। এই ঘটনাৰ পিছতে ছিদ্দিকিৰ পৰিয়ালে নিৰ্মলনগৰ থানাত এজাহাৰ দাখিল কৰে।
উল্লেখ্য যে হত্যাৰ পূৰ্বে বাবা ছিদ্দিকিকো ভাবুকি দিয়া হৈছিল। বাবা ছিদ্দিকিৰ পুত্ৰ জীশানেও এতিয়া মৃত্যুৰ ভাবুকি লাভ কৰিছে। আনহাতে, সোধা-পোছাৰ সময়ত অভিযুক্তই কয় যে পিতৃ-পুত্ৰ দুয়োকে হত্যা কৰাৰ ‘আদেশ’ আছে। সন্মুখত যাকে পায় গুলীয়াই মাৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বাবা ছিদ্দিকিক সন্মুখত পাই দুৰ্বৃত্তই গুলীচালনা কৰে। সেই সময়ত জীশানো যদি উক্ত স্থানত থাকিলহেঁতেন, তেন্তে হয়তো তেওঁকো হত্যা কৰা হ’লহেঁতেন। উল্লেখ্য যে জীশানে শেহতীয়াকৈ আনুষ্ঠানিকভাৱে অজিত পাৱাৰৰ নেতৃত্বত এন চি পিত যোগদান কৰিছে। আগন্তুক বিধানসভা নিৰ্বাচনত বান্দ্ৰা-পূব সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব।











