![]()
ডকমকা আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত বৃহত পৰিমানৰ অবৈধ মেঘালয়ৰ বিলাতী সুৰা ভৰ্তি ট্ৰাক জব্দ হোৱাৰ ঘটনাই এলেকাটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আংলঙ জিলাৰ ডকমকা আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত মেঘালয়ৰ পৰা ইম্ফলৰ অভিমুখে গৈ থকা এন এল ০৭ এ এ ২৩৯নম্বৰযুক্ত ১৬ চকীয়া মালবাহী ট্ৰাক গাড়ী খনৰ পৰা অবৈধ ভাৱে সাৰৰ বস্তাৰ মাজত লুকুৱাই অনা মুঠ ৭৫ কাৰ্টুন মেঘালয়ৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ।

ঘটনাৰ সন্দৰ্ভত ট্ৰাক চালক বিক্ৰম ৰয় আৰু তেওঁৰ সহযোগী মিচলায় নামৰ যুৱক দুয়োজনক ইতিমধ্যে ডকমকা আৰক্ষীয়ে আটক কৰে ।ডকমকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুপল শেনচোৱাৰ নেতৃত্বত চলা ডকমকা আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷












