ASSAM TIMES POST
কৰোনা ভাইৰাছৰ আতংকত কঁপিছে চীন৷ এই ৰোগত আক্ৰান্ত হৈ চীনত ইতিমধ্যে ১৮ জন লোকৰ মৃত্যু হৈছে৷ দেশখনৰ পাঁচখন চহৰত চৰকাৰে কাৰ্যত তীক্ষ্ণ নজৰত ৰাখিছে৷
উল্লেখ্য যে ছৌদি আৰবত কৰ্মৰত ভাৰতীয় নাৰ্ছ এগৰাকী এই ৰোগত আক্ৰান্ত হৈছে৷ ভাৰতৰ মন্ত্ৰী মুৰলীধৰনে এই কথাৰ সত্যতা স্বীকাৰ কৰি কয়, আক্ৰান্ত নাৰ্ছগৰাকী জেড্ডাৰ আছিৰ নেচনেল হাস্পতালত চিকিৎসাধীন হৈ আছে৷ আনহাতে আক্ৰান্ত নাৰ্ছ গৰাকীৰ চিকিৎসা যাতে দ্ৰুত হয় তাক নিশ্চিত কৰিবলৈ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰলৈ চিঠি লিখিছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে৷
আনহাতে সতৰ্কতা হিচাপে বেইজিঙে নিৰ্দেশ বিমানত উঠা নমাত এই পাঁচখন চহৰৰ বিমানত বাধা আৰোপ কৰিছে৷ বিশেষজ্ঞসকলৰ মতে উহান চহৰৰ সাগৰীয় খাদ্য আৰু মাছ-মাংসৰ বজাৰৰ পৰা এই ৰোগৰ ভাইৰাছ বিয়পিছে৷ এইখন বজাৰত বিভিন্ন বন্যপ্ৰাণীৰ মাংস বেআইনীভাৱে বিক্ৰী হয়৷










