ASSAM TIMES POST
নিউজ ডেক্সঃ এটা শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক৷ তুৰস্কৰ ইলাজিগ প্ৰদেশত অনুভূত এই ভূমিকম্পত বাতৰি লিখা পৰ্যন্ত ২১ জন লোকৰ মৃত্যু হৈছে৷ তুৰস্কৰ ৰাজধানী চহৰ আংকাৰাৰ পৰা ৩৫০ কিলোমিটাৰ নিলগৰ ইলাজিগ প্ৰদেশত হোৱা এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৬.৮৷ ভূমিকম্পৰ ফলত অট্টালিকাবোৰ তাচপাতৰ দৰে খহি পৰে৷ ভূমিকম্পত বহু লোক আহত হয়৷ আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷











