ASSAM TIMES POST
নিউজ ডেক্সঃ বায়ুমণ্ডলত উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত কাৰ্বন-ডাই-অক্সাইডতকৈ মিথেন গেছে ২৫ শতাংশ প্ৰভাৱ বিস্তাৰ কৰে৷ ৱাশ্বিংটন ষ্টেট ইউনিভাৰচিটি ভাংকুভাৰৰ এদল গৱেষকে এই কথা প্ৰকাশ কৰিছে৷ তদুপৰি বিশ্বৰ প্ৰায় প্ৰতিখন দেশত নিৰ্মিত বান্ধ আৰু জলভাণ্ডাৰবোৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰক হৈ পৰিছে৷ এই বান্ধবোৰৰ বাবে ব্যাপক পৰিমাণৰ গ্ৰীণ হাউচ গেছ নিৰ্গমন হয়৷ ফলত গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ হৈ পৰিছে৷













