ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Editorial

নতুন বছৰটো হওক মানৱতাৰ জয়গানৰ এটা বছৰ:

কামৰুল খান :

ASSAM TIMES POST by ASSAM TIMES POST
January 1, 2025
Reading Time: 1 min read
A A
0
নতুন বছৰটো হওক মানৱতাৰ জয়গানৰ এটা বছৰ:

RELATED POSTS

Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন

ভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ তাপত টনকিয়াল হওক অসমীয়া জাতি

Embracing 2025: A Journey of Growth, Resilience, and Human Connection

“বিগত বছৰৰ পোৱা-নোপোৱা, সফলতা-বিফলতা, আশা-নিৰাশাৰ মাজতে সকলোৱে আদৰণি জনাইছে নৱবৰ্ষ ২০২৫”

চাওঁতে চাওঁতে আৰু এটা বৰ্ষই বিদায় মাগিলে সময়ৰ বুকুৰ পৰা। কেলেণ্ডাৰৰ চন সলনি কৰি ভুমুকি মাৰিছে নতুন বছৰ ২০২৫ৰ নৱ সূৰুযে। বিগত বছৰৰ পোৱা-নোপোৱা, সফলতা-বিফলতা, আশা-নিৰাশাৰ মাজতে সকলোৱে আদৰণি জনাইছে নৱবৰ্ষ ২০২৫। বছৰ আগবাঢ়ি গৈ আছে, পৃথিৱীৰ আয়ুস বৃদ্ধি পাই আছে- লগতে আমিও কনিষ্ঠৰ পৰা জ্যেষ্ঠ, জ্যেষ্ঠৰ পৰা বৃদ্ধ অৱস্থালৈ গতি কৰি আছোঁ। এই বিশ্বই প্ৰতিটো বছৰতে নতুন নতুন অভিজ্ঞতাৰ সাক্ষী হৈ আহিছে, নতুন প্ৰযুক্তি, বিষয়, ধাৰাৰ মুখামুখি হৈ আহিছে।
নতুন বছৰটো হওক মানৱতাৰ জয়গানৰ এটা বছৰ:
নতুন বছৰটো হওক মানৱতাৰ জয়গানৰ এটা বছৰ:

নিশ্চিতভাৱে কোভিড পৰৱৰ্তী সময়ৰ বছৰ হিচাপে ২০২৪ বৰ্ষটোৱে পুনৰবাৰ ঠন ধৰি উঠিছে- বিভিন্ন ক্ষেত্ৰত। ইয়াকে মূলধন হিচাপে লৈ আমি এই নতুন বছৰটোত আগবাঢ়িব লাগিব এক বিকাশমুখী যাত্ৰাত। কৰ্ম-সংস্কৃতি আৰু নতুনত্বৰ অন্বেষণৰে আমি আগন্তুক বছৰটোক আমাৰ জীৱনৰ বাবে এক উল্লেখযোগ্য বছৰ হিচাপে গঢ়িবলৈ চেষ্টা কৰিব লাগিব। এই ক্ষেত্ৰত পূৰ্বৰ বছৰৰ অভিজ্ঞতা আৰু বিফলতাবোৰক আমি নতুন ৰূপত প্ৰাপ্যৰ এক নতুন স্তৰলৈ উন্নীত কৰিব লাগিব। কনিষ্ঠসকলে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ-অভিজ্ঞতা অৰ্জন কৰিব লাগিব। জ্যেষ্ঠসকলেও জীৱনৰ বাটত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ সংমিশ্ৰণত এক নতুন দিশৰ উন্মেষ ঘটাব লাগিব।

জীৱনৰ বাটত ঘাত-প্ৰতিঘাত অৱধাৰিত। সেইবোৰক কাটি কৰি থৈ আগবাঢ়ি যাব পৰাটোহে হৈছে প্ৰকৃত সাৰ্থকতা। এইক্ষেত্ৰত আমি মানসিক দৃঢ়তা আৰু জ্ঞানৰ পৰিসৰ বৃদ্ধিৰে অগ্ৰসৰ হ’ব লাগিব। ভৱিষ্যত প্ৰজন্মৰ বাবে বৰ্তমানৰ বিশ্ব এক কৌতুহলৰ বিষয়। বিশেষকৈ প্ৰযুক্তিৰ চমকে বিশ্বক বহু দূৰ আগবঢ়াই লৈ গৈছে। কিন্তু প্ৰযুক্তিৰ এই ঊৰ্ধ্বগামী দিনতো আমি আমাৰ শিপাক পাহৰিব নালাগিব। আমাৰ আধ্যাত্মিকতা, আমাৰ জাতীয়তাবোধ, আমাৰ নৈতিকতা এই সকলোবোৰ বিকাশমুখী যাত্ৰাত একেলগে আগবঢ়াই নিব লাগিব। তেতিয়াহে আমি প্ৰকৃত উন্নয়ন লাভ কৰা বুলি গৌৰৱবোধ কৰিব পাৰিম। উন্নতিৰ জখলাত বগাবলৈ যাওঁতে ভৰিৰ তলৰ মাটিখিনি হেৰুৱাব নালাগিব। অন্যথা আমি কিবা প্ৰকাৰে পিছলি পৰিব লাগিলে একেবাৰে পাতাললৈ গতি কৰিম।

২০২৫ বৰ্ষ হওক সকলোৰে বাবে এক আনন্দ, শান্তি, সুখ আৰু সমৃদ্ধিৰ বছৰ। সবাৰোপৰি এই বৰ্ষটো হওক মানৱ কল্যাণৰ বাবে উছৰ্গিত এটা বছৰ, মানৱতাৰ জয়গান গোৱা এটা বছৰ। নতুন বছৰটোত সকলোৰে সুস্থ মানসিকতা আৰু সু-স্বাস্থ্য কামনা কৰি ‘আছাম টাইমছ পোষ্ট’ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আগন্তুক বছৰআছাম টাইমছ পোষ্টআধ্যাত্মিকতাআনন্দআন্তৰিক শুভেচ্ছা.আশা আৰু নিৰাশাআশীৰ্বাদ আৰু অভিজ্ঞতাউন্নয়ন লাভউল্লেখযোগ্য বছৰকনিষ্ঠৰ পৰা জ্যেষ্ঠকোভিড পৰৱৰ্তী সময়কৰ্ম-সংস্কৃতিচাওঁতে চাওঁতেজাতীয়তাবোধজীৱনৰ অভিজ্ঞতাজ্ঞানৰ পৰিসৰনতুন অভিজ্ঞতানতুন প্ৰযুক্তিনতুন বৰ্ষ ২০২৫নতুনত্বনৈতিকতানৱ সূৰ্যপৃথিৱীৰ আয়ু বৃদ্ধিপ্ৰযুক্তিৰ চমকবিগত বছৰৰ অভিজ্ঞতাবৰ্ষ বিদায়ভৱিষ্যত প্ৰজন্মমানসিক দৃঢ়তামানৱ কল্যাণশান্তিসফলতা আৰু বিফলতাসমৃদ্ধিসু-স্বাস্থ্যসুখসুস্থ মানসিকতা
Share4Tweet3Send

Related Posts

Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন
Editorial

Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন

by News Desk
January 13, 2026
56
ভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ তাপত টনকিয়াল হওক অসমীয়া জাতি
Editorial

ভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ তাপত টনকিয়াল হওক অসমীয়া জাতি

by Staff Reporter
January 13, 2025
60
Embracing 2025: A Journey of Growth, Resilience, and Human Connection
Editorial

Embracing 2025: A Journey of Growth, Resilience, and Human Connection

by ASSAM TIMES POST
January 1, 2025
56
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস: গণতন্ত্ৰত সাংবাদিকতাৰ গুৰুত্ব আৰু উদযাপন
Editorial

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস: গণতন্ত্ৰত সাংবাদিকতাৰ গুৰুত্ব আৰু উদযাপন

by ASSAM TIMES POST
November 15, 2024
63
Magh bihu celebration I ভোগৰ ভোগজৰা আৰু মেজিৰ জুইৰ উত্তাপত চহকী হওক অসমীয়া জাতি
Editorial

Magh bihu celebration I ভোগৰ ভোগজৰা আৰু মেজিৰ জুইৰ উত্তাপত চহকী হওক অসমীয়া জাতি

by News Desk
January 14, 2024
76
close up photo of plastic bottle
Featured

The Urgent Need to Address Growing Pollution in Assam:

by Sanjeev Sarma
March 4, 2023
245.1k
ADVERTISEMENT
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
50
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ
crime

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
50
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026
50
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d