
ভোগৰ মেটমৰা সম্ভাৰ লৈ পুনৰ আহিছে হেঁপাহৰ ভোগালী (Bhogali)। পুহৰ নিহালিখন কাটি কৰি এতিয়া সকলো ব্যস্ত উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ আয়োজনত। ইতিমধ্যে বজাৰ ভৰি পৰিছে ভোগৰ সামগ্ৰীৰে। বিধে বিধে লাড়ু, পিঠা, চিৰা, দৈ; ৰৌ, চিতল, আৰি, বাহু, বৰালি মাছ; হাঁহ, ছাগলীৰ মাংস বজাৰ কৰি পাকঘৰ ভৰাই পেলাইছে প্ৰতিগৰাকী অসমীয়াই।
ইয়াৰ লগতে আছে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতি তথা ভোগালী বিহু উদযাপনৰ বিশেষ নিয়ম। ক’ৰবাত যদি সমূহীয়াভাৱে বিলত মাছধৰা পৰ্ব চলিছে, ক’ৰবাত আকৌ ৰজাদিনীয়া পৰম্পৰাৰে মাঘৰ বিহু উদযাপনৰ আয়োজন। ইফালে পথাৰত বিভিন্ন আৰ্হিৰে ভেলাঘৰ, মেজি সাজি নিশাৰ সাঁজ একেলগে খাই পুৱতি নিশা মেজি জ্বলাই অসূয়া-অমংগল দূৰ কৰাৰ লগতে অপশক্তিক নাশ কৰি মেজিৰ জুইৰ উত্তাপত বছৰটোৰ বাবে দেহ-মন টনকিয়াল কৰাৰ বাবে সাজু হৈছে সকলো।

চহা কৃষকৰ উৎসৱ ভোগালী বিহু বা মাঘ বিহু স্মৰাণীতত কালৰে পৰা অসমত উদযাপন কৰি অহা হৈছে। এই উৎসৱৰ এটাই তাৎপৰ্য, বছৰটোৰ বাবে সোণগুটি লখিমীক ভঁৰালত চপাই এসাঁজ লগে-ভাগে উদৰ পূৰাই খোৱা। বছৰটোৰ বিভিন্ন অভাৱ-অনাটন, দুখ-শোক পাহৰি এটা দিনত ভোগৰ ভোগজৰাটি গ্ৰহণ কৰি পুনৰ আন এটা বছৰৰ বাবে কৰ্মস্পৃহা গোটাই লোৱা।

আজি মাঘৰ উৰুকা। সাধাৰণতে মাঘৰ দোমাহীৰ আগদিনা যি লগভাত খোৱাৰ নিয়ম সেই দিনটোকে উৰুকা বুলি কোৱা হয়। উৰুকাৰ নিশা সকলোৱে লগে-ভাগে এসাঁজ খাই দোমাহীৰ পুৱতি নিশা মেজিৰ জুই উত্তাপ লৈ কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লোৱা এক নিয়ম। ইয়াৰ পিছত ইঘৰে সিঘৰলৈ গৈ বিবিধ পিঠা-পনাৰে আপ্যায়ন কৰে আৰু বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল-ধেমালিত অংশগ্ৰহণ কৰে।

যিয়ে নহওক বিভিন্ন ঘাত-প্ৰতিঘাত সত্ত্বেও প্ৰতিগৰাকী অসমীয়াৰ বাবে অতি আপোন ভোগালী বিহু। সকলো দুখ-শোক কাটি কৰি হ’লেও ধনী-দুখীয়া সকলোৱে এসাঁজ উলহ-মালহেৰে খাই উপভোগ কৰে। এই ভোগালী বিহুৱে আনে সমৃদ্ধিৰ বতৰাও। সেয়ে এইবাৰৰ ভোগালী বিহুৱেও আগন্তুক দিনত ৰাজ্যবাসীৰ বাবে আনক সুখ আৰু সমৃদ্ধিৰ অনাবিল সম্ভাৰ তাৰেই কৰিছোঁ।
“শেষত অসমবাসীলৈ আছাম টাইমছ পোষ্টৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।”













