ASSAM TIMES POST
ডিফুঃ প্ৰতি বছৰৰ দৰে এইবছৰো অসম ৰাজ্যিক দুৰ্যোগ আৰু ব্যৱস্থাপনা অথ’ৰিটি সহযোগত কাৰবি আংলং জিলা দুৰ্যোগ আৰু ব্যৱস্থাপনাৰ উদ্যোগত এইবছৰো ২৮ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে চাৰিদিনীয়া কাৰ্যসূচীলৈ ডিফুত জৰুৰীকালীন ব্যৱস্থানাৰ সজাগতা মূলক অনুশীলন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷

আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত এক সংবাদ মেলৰ আয়োজন কৰি এই বিষয়ে জানিবলৈ দিয়ে জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই৷ জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বিভিন্ন অট্টালিকা আদিত আবদ্ধ হৈ পৰা লোকক
https://youtu.be/qpznDjnWwJ4
কেনেদৰে সুৰক্ষিতভাৱে ৰক্ষা কৰিব পাৰি লগতে দুৰ্যোগৰ সময়ত ল’ব লগা সাৱধানতাৰ ওপৰত দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ইয়াৰ অংশীদাৰসকলকলৈ কেতবোৰ অনুশীলন কৰা হ’ব৷ সম্পূৰ্ণ ইভেণ্টৰ প্ৰথম দুদিন চহৰখনৰ বিভিন্ন স্থানত ৫ টা সমান্তৰাল পথত অনুশীলনৰ পাছত তৃতীয় দিনত টেবুল টপ এক্সাৰচাইজ আৰু চতুৰ্থ দিনত বিভিন্ন স্থানত ক্ষেত্ৰ ভিত্তিক অনুশীলন আৰু পঞ্চম দিনত ‘হট ৱাছ’ শীৰ্ষক জিজ্ঞাসা অধিবেশন৷ ২৮ জানুৱাৰী মঙলবাৰে অনুষ্ঠিত হ’ব জৰুৰীকালীন ব্যৱস্থাপনা কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান৷ এই প্ৰক্ৰিয়া এক অনুশীলন হে, সেয়ে ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে জিলা উপায়ুক্তগৰাকীয়ে৷
আজিৰ সংবাদ মেলত জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ লগতে জিলা দুৰ্যোগ আৰু ব্যৱস্থাপনা অথ’ৰিটিৰ ডিপিঅ’ স্মিতা চেতিয়া উপস্থিত থাকে৷












