
সোমবাৰে পুৱা ৮ বজাত ডিলাই আৰক্ষীৰ সুত্ৰে জানিব পৰা অনুসৰি দেউবাৰে নিশা ডিলাইত প্ৰায় ৯ কোটি টকা মূল্যৰ সন্দেহজনক হেৰইন সহ দুটা সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷

আৰক্ষীৰ সুত্ৰ অনুসৰি দেউবাৰে নিশা আঠ বজাত অসম-নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ডিলাই তিনিআলীত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত উদ্ধাৰ হয় এই বৃহৎ পৰিমানৰ হেৰইন ৷
ডিমাপুৰৰ পৰা মাঞ্জা অভিমুখে গৈ থকা MN 07 H0011 নম্বৰৰ নৈশ বাছত তালাচী চলাওতে কৌশলগত ভাবে বাছখনৰ ফুট ষ্টেপত লুকুৱাই অনা অৱস্থাত ১০০ টা চাবোনৰ বাকচৰ পৰা ১ কেজি ২২০ গ্ৰাম সন্দেহজনক হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
তালাচী অভিযানটোৰ নেতৃত্ব দিছিল ডিলাই থানাৰ অ’চি আকাশ গগৈ আৰু তেওঁক সহযোগ কৰিছিল থানা ষ্টাফে ৷ আনহাতে বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্মৰ প্ৰত্যক্ষ তত্বাৱধনাত আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে হেৰইন খিনি জব্দ কৰা হয় ৷
হেৰইনখিনি সৰবৰাহৰ লগত জড়িত মণিপুৰৰ আমিৰখান (৩৪) আৰু হেণ্ডিমেন চিংগামায়ুম চজত (২৫) ক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷













