ASSAM TIMES POST
নগাঁওঃএগৰাকী নাৰীৰ জীৱনলৈ নামি অহা দুৰ্যোগ- সংঘাতৰ পৰা সৃষ্টি হোৱা ক্ষোভ, হতাশা আৰু আপোনজনক হেৰুওৱাৰ বেদনা আদিৰে ন-লেখিকা আঞ্জলি শৰ্মাই নিজৰ আত্ম কথাৰে লিখি উলিয়াইছে ‘ৰোমন্থন’ নামৰ গ্ৰন্হখন । নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে প্ৰকাশ কৰা ‘ৰোমন্থন’ নামৰ গ্ৰন্হখন আজি তেজপুৰ চহৰৰ গ্ৰহন উদ্যানত উন্মোচন কৰা হয়।
তেজপুৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত অকনি সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা, তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শৰ্মা, সত্ৰীয়া নৃত্যৰ বিশিষ্ট শিল্পী ডঃ প্ৰতিভা শৰ্মা, সমাজ কৰ্মী হেমা দাস, লেখিকা ৰাজু বৰুৱা , ক্ৰান্তিকাল প্ৰকাশনৰ স্বতাধিকাৰ কৈলাস ৰাজখোৱা, শান্তনু বৰুৱা প্ৰমুখ্য ব্যক্তি সকলে অংশগ্ৰহণ কৰি লেখিকা অঞ্জলি শৰ্মাৰ ধৈর্য আৰু সাহসৰ শলাগ লোৱাৰ লগতে লেখিকাক সাহিত্য সৃষ্টিত নিমগ্ন হবলৈ আহ্বান জনায়।

আনহাতে গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট গীতিকাৰ-সাহিত্যিক বংকিম শৰ্মাই জীৱন থাকিলে সংঘাত থাকে বুলি উল্লেখ কৰি লগতে কয় যে সংঘাতে সৃষ্টি কৰা মানসিক আঘাতক প্ৰত্যাহ্বান হিচাপে লৈ অঞ্জলি শৰ্মাই হাতত কলম তুলি লৈছে। ইয়াৰ দ্বাৰা তেওঁৰ জীৱনৰ শূন্যতা পূৰণৰ এক সংগী লাভ কৰিছে। লেখিকাক সৃষ্টিৰ ধাৰা অব্যাহত ৰাখিবলৈ তেওঁ আহ্বান জনায়।
জিতেন বৰকটকীয়ে আঁত ধৰা অনুষ্ঠানত গ্ৰন্থখনৰ প্ৰকাশক কৈলাস ৰাজখোৱাই লেখিকা অঞ্জলি শৰ্মাক জীৱন আৰু সমাজমুখী চিন্তাধাৰাৰে সাহিত্য সৃষ্টিত নিমগ্ন হবলৈ আহ্বান জনাই এই দিশত ভৱিষ্যতে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। লেখিকা অঞ্জলি শৰ্মাই নিজৰ মনৰ ভাব ব্যক্ত কৰে। সভাত সাংবাদিক অশ্বিনী বৰা, প্ৰশান্ত খনিকৰৰ লগতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।













