ASSAM TIMES POST
নগাঁওঃ সমগ্ৰ দেশ কপোঁৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ আজি শুনানি অনুষ্ঠিত হয়। আজি পুৱা কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰক্ষীয়ে আটাই কেইজন অভিযুক্তকে নগাঁও কাৰাগাৰৰ পৰা আনি আদালতত হাজিৰ কৰায়।
উপস্থিত আছিল অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ পিতৃদ্বয়। আজি শুনানি সুকলমে সম্পন্ন হৈ যায় যদিও শুনানিক লৈ এতিয়া যথেষ্ট শংকিত আৰু হতাশগ্ৰস্ত হৈ পৰিছে দুই ভুক্তভোগী পৰিয়াল । আজি নগাঁও আদালত চৌহদত অভি-নীলৰ দুৰ্ভগীয়া পিতৃদ্বয় অজিত নাথ আৰু গোপাল চন্দ্ৰ দাসে সাংবাদিকৰ আগত অতি আক্ষেপেৰে কয়, “গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া গতিত আগবাঢ়িছে। আমি জীৱিত কালত ন্যায় পামনে নাই তাকে লৈ আমি উদ্বিগ্ন। আমি যথেষ্ট হতাশ হৈ পৰিছো। গতিকে আমি বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ চৰকাৰ আৰু ন্যায়পালিকাক আহ্বান জনাইছো।

” স্মৰ্তব্য যে, দেশ কঁপোৱা এই হত্যাকাণ্ডৰ ডেৰ বছৰৰো অধিক সময় পাৰ হ’ল যদিও আজিও ন্যায়প্ৰাপ্তিৰ ক্ষেত্ৰত আশ্বস্ত হোৱা নাই অভি-নীলৰ পৰিয়াল । বাৰে বাৰে সাক্ষীৰ ভাষ্য সলনি, ভুৱা প্ৰমাণ পত্ৰৰে অভিযুক্তৰ এগৰাকীক জুভেনাইল দাবী কৰা, বিভিন্ন পক্ষৰ হেঁচা আদিকে ধৰি একাধিক কাৰণত গোচৰটোৰ শুনানি লেহেমীয়া হৈ পৰিছে বুলিও অভি-নীলৰ পিতৃদ্বয়ে খেদ প্ৰকাশ কৰে।
ইপিনে, আজি নগাঁও আদালতে অভিযুক্ত পক্ষই জুভেনাইল বুলি দাবী কৰা এগৰাকী অভিযুক্তৰ উপযুক্ত প্ৰমাণপত্ৰ দাখিল কৰিব নোৱাৰাৰ বাবে সেই আবেদন খাৰিজ কৰে। লগতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ১৮ ফেব্ৰুৱাৰী ধাৰ্য কৰা হয়। ইফালে, ২০১৮ বৰ্ষৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পানজুৰি গাঁৱত সংঘটিত হোৱা এই জঘন্য হত্যাকাণ্ডৰ গোচৰৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ ন্যায়পালিকা আৰু চৰকাৰী পক্ষক আহ্বান জনাইছে অভি-নীল স্মৃতি ৰক্ষা সমিতিৰ লগতে বিভিন্ন দল-সংগঠনে। উল্লেখ্য , অভি-নীলৰ পিতৃ-মাতৃৰ লেখ আবেদনৰ ভিত্তিত এই গোচৰটো ডিফু আদালতৰ পৰিৱৰ্তে নগাঁও আদালতলৈ স্থানান্তৰিত কৰা হৈছিল।













