ASSAM TIMES POST
নগাঁও : দেশৰ অগ্ৰণী প্লে- স্কুল ইউৰো কিডছে নগাঁও চহৰৰ আমোলাপট্টি নাওবৈচা ফুকন পথত আজি এটি শাখা মুকলি কৰে। শাখাটি উদ্ধোধনী অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ডঃ নীলিমা ভাগৱতী, যুক্তিনাথ খাউণ্ড, শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য্য, বিশিষ্ট লিখক ৰামকুমাৰ ভট্টাচাৰ্য, ইউৰো কিডছৰ বিষয়া প্ৰাঞ্জল নাথৰ লগতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
উল্লেখ্য, ভাৰতবর্ষৰ ৩৫০ খন চহৰত প্ৰায় এহেজাৰ শাখা স্হাপনেৰে ইউৰো কিডছে কন কন শিশুক প্লে- স্কুল , প্ৰাক্ প্ৰাথমিক খণ্ডত উন্নত মানৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰি আহিছে। মুকলি কৰা শাখাটোত আজিৰে পৰা নাম ভর্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি নগাঁও ইউৰো কিডছ শাখাই জানিবলৈ দিয়ে ।













