ASSAM TIMES POST
নগাঁওঃ মডেলিঙৰ জগতত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মেৰিনা দাস নামৰ নগাঁৱৰ এগৰাকী কণমানিয়ে । নগাওঁ চহৰৰ নিকটৱর্তী শেনচোৱা নিবাসী সৌৰভ কুমাৰ দাস আৰু অনামিকা বৰা দাসৰ একমাত্ৰ কন্যা মেৰিনা দাসে ৯ বছৰ বয়সত মডেলিং জগতখনত সফলতা বুটলিবলৈ সক্ষম হৈছে।
২০১৯ বর্ষত অনুষ্ঠিত হোৱা মেগা স্পাইছ উণ্টাৰ ফেষ্টত মিচ আইকণিক আই নগাঁও, অল আসাম বিউটি কনটেষ্টত বেস্ট স্মাইল, মিচ বিউটি অফ আসাম,মিচ নৰ্থ ইষ্ট ইণ্ডিয়া, মিচ শুৱালকুছিত ফাষ্ট ৰানাৰ্ছ আপ, মিচ দিভা নগাওঁ হোৱাৰ উপৰিও ২০২০ বর্ষৰ ১১ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হোৱা আসাম কিডছ উইনাৰ হয়। মেৰিনা দাস নগাঁৱৰ সন্দীপনি বিদ্যামন্দিৰৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী। মেৰিনাৰ এই সফলতাত পিতৃ – মাতৃৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে সন্তোষ প্ৰকাশ কৰে।













