ASSAM TIMES POST
নগাঁওঃ অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি নগাঁৱৰ খগেন মহন্ত প্ৰক্ষাগৃহত জিলাখনৰ ৮৬০ গৰাকী ভূমিহীন লোকক অনুষ্ঠানিক ভাবে ভূমি পাট্টা প্ৰদান কৰে অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। ভূমি পট্টা প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয় যে আজি দিনটো এক ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈছে ।
সমগ্র অসমতে আজি প্ৰায় এক লাখ ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰা হব।তেওঁ লগতে আৰু কয় যে বৰ্তমান চৰকাৰ খনে সকলো জাতি জনগোষ্ঠীৰ উন্নতিৰ হকে ক্ষিপ্ৰতাৰে কাম কৰি আহিছে।সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আজিৰ দিনটো এক গুৰুত্বপুৰ্ণ দিন বুলি উল্লেখ কৰি লগতে কয় যে বৰ্তমান সময়ত আমি সকলোৱে সমাজৰ সকলো স্তৰত উন্নয়ন দেখিবলৈ পাইছো।
আজিৰ এই অনুষ্ঠানত বিগত বানত ক্ষতিগ্ৰস্ত তিনি গৰাকী লোকক কাপোৰ আৰু বাচন বৰ্তনৰ বাবদ আনুষ্ঠানিক ভাবে ৩৮০০ টকাকৈ অনুদান প্ৰদান কৰা হয় । আনহাতে বানত ক্ষতিগ্ৰস্ত সকলক পৰ্যায়ক্রমে অনুদান প্ৰদান কৰা হব বুলি সভাত জানিবলৈ দিয়ে । অনুষ্ঠানত ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস, উপায়ুক্ত যাদৱ শইকীয়াৰ লগতে বহু কেইগৰাকী বিষয়া উপস্থিত থাকে।













