ASSAM TIMES POST
নগাঁওঃ নিজ গৃহ জিলা নগাঁৱত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি আজি নগাঁও চহৰত ক’লা পতাকাৰ সন্মুখীন হবলগা হয় ৰাজ্যৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত । ইয়াৰ উপৰি আছু আৰু যুৱ ছাত্র পৰিষদৰ একাংশ সদস্যৰ মুৰ্দাবাদ ধ্বনি শুণিবলৈ পালে মন্ত্ৰী মহন্তই। আনহাতে “কা” বিৰোধী আন্দোলনকাৰীয়ে মন্ত্ৰী মহন্তক প্ৰদৰ্শন কৰা ক’লা পতাকাক লৈ থৰকা ছুটি হেৰুৱাবলগীয়া হয় নগাঁও আৰক্ষী। উল্লেখ্য ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান উপলক্ষে আজি পুৱা নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত আয়োজিত এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল জলসম্পদ মন্ত্ৰীগৰাকী ।
মন্ত্ৰী মহন্তই খগেন মহন্ত প্ৰেক্ষাগৃহলৈ বুলি ৰাওনা হোৱাৰ সময়তেই নগাঁও আৱৰ্ত ভৱনৰ সমীপতে আছুৰ নগাঁও জিলা সমিতিৰ একাংশ সদস্যই আগভেটা দি ক’লা পতাকা প্ৰদৰ্শন কৰি “কেশৱ মহন্ত মুৰ্দাবাদ”, “কেশৱ মহন্ত গ’বেক”আদি বিভিন্ন শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । ইমানেই নহয় আছুৰ সদস্য সকলে আৰক্ষীৰ নিৰাপত্তা বেষ্টনী ভেদ কৰি মন্ত্ৰী মহন্তৰ বাহনৰ পাছে পাছে দৌৰি গৈ তেওঁক ক’লা পতাকা প্ৰদৰ্শন কৰে। নগাঁও আৱৰ্ত ভৱনৰ সমীপত মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ সন্মুখত “কা” বিৰোধী প্ৰতিবাদকাৰীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে আছুৰ প্ৰাক্তন নেতা তথা মন্ত্ৰী মহন্তক উদ্দেশ্যি বিভিন্ন মন্তব্য কৰাও পৰিলক্ষিত হয়।
ইপিনে, একে সময়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা আৰু সদৰ আঞ্চলিক সমিতিৰ একাংশ সদস্যই আৱৰ্ত ভৱনৰ সমীপত মন্ত্ৰী কেশৱ মহন্তক ক’লা পতাকা প্ৰদৰ্শনৰ লগতে কেশৱ মহন্ত মুৰ্দাবাদ ধ্বনি দিয়ে ৷ প্ৰতিবাদকাৰী সকলে কেশৱ মহন্তক উদ্দেশ্যি নানা কটুবাক্য নিক্ষেপ কৰে। এনে পৰিস্থিতিত আৰক্ষীৰ মাজত হুৱা-দুৱা লাগে৷ পিছত পথৰ দাঁতিত থকা যুৱকসকলকো আঁতৰাই পঠিয়াই আৰক্ষীয়ে৷ আৰক্ষীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰা কেইবাজনো আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ সদস্যক আটক কৰে ৷ ইপিনে, আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰা সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ছাত্ৰ সন্থাই নিজৰ দায়িত্ব পালন কৰিছে আৰু মই মোৰ দায়িত্ব পালন কৰি যাম।তাত মোৰ ক’ব লগীয়া একো নাই।
ক’লা পতাকা প্ৰদৰ্শন কৰা সকলক তেওঁ স্বাগতম জনোৱা বুলিও সাংবাদিকৰ আগত মন্ত্ৰী গৰাকীয়ে কৌশলী মন্তব্য কৰে ৷ আনহাতে, নগাঁও আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ একাংশ সদস্যই কেশৱ মহন্তক ক’লা পতাকা প্ৰদৰ্শন কৰিবলৈ খাপপিটি ৰৈ থকা অৱস্থাত কেবাজনো সদস্যক আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে আটক কৰা ছাত্ৰ নেতা কেইজন হৈছে- নগাঁও জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকন, ছাত্ৰ নেতা ৰাজশেখৰ বৰা, ৰুবুল কাকতি, যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা মনোজসিং ৰাজা, সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া, নগাঁও নগৰ সমিতিৰ সভাপতি কাশ্যাপ ফুকনৰ লগতে পৰিষদৰ সদস্য আছিফ আলী, প্ৰাণ কৃষ্ণ ডেকা, হেমন্ত দাস, নিবিড় পল পাল।












