ASSAM TIMES POST
ডিফুঃ কাৰবি আংলং দূৰ্যোগ আৰু ব্যৱস্থাপনাৰ উদ্যোগত আৰু অসম দূৰ্যোগ আৰু ব্যৱস্থাপনাৰ সহযোগত ৪ দিনীয়া কাৰ্যসূচীলৈ ২৮ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ চলিব লগীয়া এলানি প্ৰশিক্ষণ মূলক কাৰ্যসূচীৰ আজি ডিফুত শুভ উদ্ধোধন কৰা হয় ৷
এই লৈ আজি ডিফু আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ প্ৰেক্ষাগৃত অনষ্ঠিত উদ্ধোধনী কাৰ্যসূচীত ক্ৰমে, মুখ্য অতিথি হিচাপে থাকে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস়্য ৰতন টেৰণ, পৰিষদৰ প্ৰধান সচিব ৰাজীৱ দাস জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, জিলা আৰক্ষী অধীক্ষক দেবজিত দেউৰী, জিলা দূৰ্যোগ আৰু ব্যৱস্থাপনা অথৰিটিৰ কাৰ্যবাহী সদস্য মুকুল কাথাৰ আৰু দূৰ্যোগ আৰু ব্যৱস্থাপনাৰ লগত জড়িত অংশীদাৰ আৰু বিষয়া কৰ্মী সকল উপস্থিত থাকে৷
জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই নিজৰ ভাষণ প্ৰসংগত কয়যে, এই চাৰিদিনীয়া অনুশীলন কাৰ্যসূচীৰ জৰিয়তে প্ৰাকৃতিক আৰু বিভিন্ন দূৰ্যোগৰ সময়ত কি দৰে অধিক হতাহত আৰু বিপদৰ পৰা ৰক্ষা পৰিব পাৰি তাৰ ওপৰত প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হব৷ আৰক্ষী অধীক্ষক দেবজিত দেউৰী নিজৰ চমু ভাষণত কয় যে, প্ৰাকৃতিক দূৰ্যোগৰ পৰা কেনেকৈ আৰু কিদৰে পৰিত্ৰাণ পাব পাৰি তাৰ বাবে প্ৰতিজন ব্যক্তি অভিজ্ঞ আৰু সদায় নিজকে প্ৰস্তুত কৰি থব পৰা হব লাগিব ৷ আনহাতে মুখ্য অতিথিৰ ভাষণত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰণে নিজৰ ভাষণত কয় যে , প্ৰাকৃতিক দূৰ্যোগ ডাঙৰ ,সৰু নে মজলীয়া তাৰ আগজাননী বা কেতিয়াও সতৰ্ক কৰি নাহে ৷ ই প্ৰকৃতিৰ এক স্বতস্ফুৰ্ত প্ৰক্ৰিয়া ,সেয়ে সাৱধান হৈ থকাটো অতি প্ৰয়োজন৷












