ASSAM TIMES POST
নিউজ ডেস্কঃ বিশিষ্ট কবি প্ৰমোদ কুমাৰ দত্তৰ কবিতা গ্ৰন্থ ‘অনুভৱৰ দিনৰাতি’ৰ বাংলা অনুবাদ ‘অনুভবেৰ দিনৰাত’ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি সমীৰ তাঁতীয়ে৷ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট কবি অনিছ উজ জামান, শান্তনু ৰায় চৌধুৰী, বাংলা কবি দিপীকা বিশ্বাস উপস্থিত থাকে৷ উল্লেখ্য যে অসমীয়া ভাষাত প্ৰকাশিত অনুভৱৰ দিনৰাতি’ৰ বাংলা অনুবাদ কৰিছে ড° তিমিৰ দে-এ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বহু লোক উপস্থিত থাকে৷













