ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ মহকুমা ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ জিলা সমিতি, আটছা, গোর্খা সন্মিলন, জীপালকে ধৰি ৩০ সংগঠনৰ উদ্যোগত অহা ১ ফেব্ৰুৱাৰীত বোকাখাত খেল পথাৰত কা-বিৰোধী এক বিশাল গণ সমাৰোহৰ আয়ােজন কৰা হৈছে।
আজি ভালেকেইটা সংগঠনৰ নেতৃত্বত বোকাখাত ছাত্র সন্থাৰ কার্যালয়ত এক আলােচনাত মিলিত হৈ সমাবেশত ৩০ সহস্রাধিক লােকৰ উপস্থিতি নিশ্চিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। আছুৰ কেন্দ্রীয় কার্যনির্বাহক মনােৱাৰ হােছেইন, যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় বিষয়ববীয়া বিপুল বৰাইও আলােচনাত অংশ হয়।
জানিব পৰা মতে অনুষ্ঠানত আছুৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি পাংকৰ কুমাৰ নাথ, সম্পাদক লুৰীণ জ্যোতি গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সম্পাদক পলাশ চাংমাই, শিল্পী সমাজৰ হৈ বষষাৰাণী বিষয়া, মানস ৰবীন আৰু বলিষ্ঠ অভিনেত্রী অমৃতা গগৈ উপস্থিত থাকিব।













