ASSAM TIMES POST
ডিফুঃ কাৰবি আংলঙৰ জ্যষ্ঠ সাংবাদিক তথা লেখক নগেন বৰৰাৰ প্ৰৱন্ধ সংকলন ‘একে অসম এতে গীত’লৈ অসম সাহিত্য সভাই আগবঢ়াইছে সীতানাথ ব্ৰক্ষ্মচৌধুৰী বঁটা৷
অসম সাহিত্য সভাৰ তৰফৰ পৰা আজি আনুষ্ঠানিক ভাবে লেখক গৰাকীক এই কথা জনোৱা হয় ৷অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনৰ দ্বিতীয় দিনা ২ ফেব্ৰুৱাৰীত আনুষ্ঠানিক ভাবে এই বঁটা প্ৰদান কৰা হ’ব৷ অসম সাহিত্য সভাৰ এই বঁটা লাভ কৰি আনন্দিত জ্যেষ্ঠ সাংবাদিক গৰাকী৷
কিতাপখনত সমন্বয়ৰ বাৰ্তা আছে সেয়ে ব্ৰক্ষ্মচৌধুৰীৰ নামত দিয়া বঁটাটো লাভ কৰি মই সুখী বুলি কয় সাংবাদিক গৰাকীয়ে ৷ ইফালে নগেন বৰাৰ দৰে এগৰাকী জ্যেষ্ঠ সাংবাদিকক অসম সাহিত্য সভাই এই বঁটা প্ৰদান কৰাৰ বাবে ডিফুৰ সাংবাদিক সকলে সন্তোষ প্ৰকাশ কৰে৷
কাৰবি আংলং জিলা প্ৰেছ ক্লাৱৰ সভাপতি কিৰি ৰংহাঙ আৰু সাধাৰণ সম্পাদক ডেনিয়েলচন বে’ই সাংবাদিক গৰাকীক অভিনন্দন জনোৱাৰ লগতে অসম সাহিত্য সভাক কৃতজ্ঞতা প্ৰকাশ কৰে৷













