ASSAM TIMES POST
নগাঁওঃ জনপ্ৰিয় ছ’চিয়েল মিডিয়া ‘ফেচবুক’ত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ৰ প্ৰসংগ টানি আনি একাংশলোকে সাংবাদিকৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰাত জাঙুৰ খাই উঠিছে নগাঁৱৰ সংবাদ মহল। নৱজ্যোতি ভট্টাচাৰ্য, কপিঞ্জল শৰ্মা আৰু গৌতম বৰা নামৰ ব্যক্তি কেইজনে সাংবাদিকক উদ্দেশ্যি ‘ফেচবুক’ত অশ্লীল আৰু কটু মন্তব্য কৰি সাংবাদিক সকলৰ মৰ্যাদাত আঘাত হানিছে।
উল্লেখ্য , কপিঞ্জল শৰ্মাই নিজৰ ফেচবুক একাউণ্টত পি এফ আইৰ পৰা গুৱাহাটীত এশজন সাংবাদিকে সংসদত ‘ কা’ গৃহীত হোৱাৰ পূৰ্বে ব্যাপক পৰিমাণৰ ধন লোৱাৰ গুৰুতৰ অভিযোগ তুলি এক প’ষ্ট দিয়ে। পৰৱৰ্তী সময়ত নৱজ্যোতি ভট্টাচাৰ্য আৰু গৌতম বৰাই সাংবাদিকৰ বিৰুদ্ধে কেতবোৰ কটু, উচটনিমুলক আৰু অশালীন(প্ৰকাশ কৰিব নোৱাৰি) মন্তব্য কৰে।আনকি লোক কেইজনে সাংবাদিকৰ পৰিয়ালৰ মহিলাক আজুৰি মৰ্যাদাহানিকৰ অশ্লীল মন্তব্যও কৰে ।
এইদৰে সংবাদ মাধ্যমক লক্ষ্য কৰি বিতৰ্কিত আৰু অশ্লীল মন্তব্য কৰা তিনিওজন লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও প্ৰেছ ক্লাৱে নগাঁও জিলা উপায়ুক্তক আজি এক ম্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।এজাহাৰৰ লগত লোককেইজনৰ মন্তব্যৰ ফটোকপিও আৰক্ষীক দিয়া হয়। ইপিনে, সাংবাদিকৰ বিৰুদ্ধে কৰা এনে মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে ‘আজু’ৰ নগাঁও জিলা সমিতি, নগাঁও জিলা বাৰ্তাজীৱি সংঘ, ‘আপকু’ৰ নগাঁও জিলা সমিতি, ‘জুৱা’ৰ নগাঁও জিলা সমিতি, সদৌ নগাঁও জিলা সাংবাদিক সন্থা, নগাঁও জিলা সাংবাদিক পৰিষদ, নগাঁও জিলা ইলেকট্ৰনিক মিডিয়া এছ’ছিয়েন আদিয়ে ।
বিভিন্ন সাংবাদিক সংগঠনে এই কাৰ্যৰ গৰিহনা দি দোষী লোককেইজনৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে।সাংবাদিক সংগঠন কেইটাই লোককেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহন নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে।













