ASSAM TIMES POST
নগাঁওঃ চৰকাৰী আঁচনিৰ টিনপাট বিতৰণৰ নামত হিতাধিকাৰীৰ পৰা সমাজ কল্যান বিভাগৰ এজন নিম্নবৰ্গৰ কৰ্মচাৰীয়ে ভেটি লোৱাৰ অভিযোগ উঠিছে। চৌকত আলম নামৰ এজন নিম্নবৰ্গৰ সহায়কজনে অনুসূচীত জাতিৰ লোকক চৰকাৰী টিনপাত বিতৰণৰ নামত হিতাধিকাৰীৰ পৰা ভেটি লোৱাৰ ভিডিঅ’ কোনোলোকৰ গোপন কেমেৰাত আৱদ্ধ হয়।
পিচত কৰ্মচাৰীজনে ভেটি লোৱাৰ অভিযোগ সাংবাদিকৰ সন্মুখত স্বীকাৰো কৰে। উল্লেখ্য নগাঁও গঁড়কপ্তানি বিভাগৰ কাৰ্যালয় চৌহদত বি টিনপাত বিতৰণ কৰা হৈছিল।
তাৎপৰ্যপূৰ্ণ যে দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল নীতি গ্ৰহন কৰা বিজেপি মিত্ৰ জোটৰ ৰাজ্য চৰকাৰখনৰ কাৰ্যকালত সংঘটিত এনে ঘটনাই চৰকাৰৰ দুৰ্নীতি বিৰোধী স্থিতিযে বাস্তৱত কাৰ্যকৰী হোৱা নাই সেই কথা প্ৰমান কৰিছে।













