
এক গুৰুত্বপূৰ্ণ ৰায়দানত উচ্চতম ন্যায়ালয়ে (Supreme Court) স্পষ্ট কৰি দিয়ে যে দৃষ্টিহীনসকলক ন্যায়াধীশ হোৱাৰ পৰা বাধা দিব নোৱাৰি। উচ্চতম ন্যায়ালয়ৰ মতে, শাৰীৰিক বাধা ন্যায়িক ব্যৱস্থাত অংশগ্ৰহণৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে। সোমবাৰে মধ্যপ্ৰদেশৰ ন্যায়িক সেৱাৰ নিয়মৰ ৬ নং ধাৰা বাতিল কৰি এই কথা ঘোষণা কৰা হয়।

ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে কয়, “প্ৰতিবন্ধী ব্যক্তিয়ে ন্যায়িক সেৱাত কোনো ধৰণৰ বৈষম্যৰ সন্মুখীন হ’ব নালাগে। বৰঞ্চ ৰাষ্ট্ৰই তেওঁলোকৰ বাবে ইতিবাচক পদক্ষেপ ল’ব লাগে, যাতে তেওঁলোকে সমান সুযোগ পায়।”
পুত্ৰ দৃষ্টিহীন হোৱাৰ বাবেই মধ্যপ্ৰদেশৰ ন্যায়াধীশৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল। ৰাজ্যিক ন্যায়িক সেৱা নিয়মৰ ৬ নং ধাৰাই এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। পুত্ৰৰ এই অৱস্থাত মাতৃ হতাশ হৈ পৰে। তেওঁ দেশৰ তদানীন্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়লৈ এখন পত্ৰযোগে সমগ্ৰ বিষয়টো অৱগত কৰে।
ইয়াৰ পিছত জনস্বাৰ্থ জড়িত গোচৰ ৰুজু কৰা হয়। উক্ত গোচৰটো উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ সন্মুখলৈ আহে। উচ্চতম ন্যায়ালয়ে কয় যে যিকোনো ধৰণৰ পৰোক্ষ বৈষম্যও সমতাৰ বিৰোধী আৰু সেয়েহে ইয়াক নিষিদ্ধ কৰা উচিত।
বাছনি প্ৰক্ৰিয়াৰ পৰা শাৰীৰিক অক্ষম ব্যক্তিক বাদ দিয়া কোনো নিয়ম বা মাপকাঠী বৈধ নহয়। বিশেষভাৱে সক্ষম ব্যক্তিসকলক প্ৰয়োজনীয় সুবিধা প্ৰদান কৰিব লাগে আৰু তেওঁলোকৰ যোগ্যতা ‘অক্ষম ব্যক্তিৰ অধিকাৰ আইন, ২০১৬’ অনুসৰি বিচাৰ কৰিব লাগে।
উল্লেখ্য যে ইতিমধ্যে তামিলনাডু আৰু ৰাজস্থানত দৃষ্টিহীন ন্যায়াধীশ নিযুক্তি দিয়া হৈছে। ২০০৯ চনত তামিলনাডুৰ প্ৰথমজন ন্যায়াধীশ হিচাপে পৰিগণিত হয় টি চক্ৰৱৰ্তী। তেওঁ দৃষ্টিহীন আছিল।










