
প্রয়োজন হ’লে প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনা (Sheikh Hasina)ৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিচাৰ (Trial of complaint) ভাৰতত থকাৰ সময়ছোৱাতে আৰম্ভ কৰা হ’ব৷ ব্ৰিটিছ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে (Mohammad Yunus) এই কথা কয়। হাছিনাৰ বিৰুদ্ধে মানৱতাবিৰোধী অপৰাধৰ অভিযোগ উত্থাপন হৈছে বুলিও তেওঁ কয়। সেয়ে তেওঁ আদালতৰ সন্মুখীন হ’ব লাগিব। কিন্তু হাছিনা বৰ্তমান ভাৰতত। ইতিমধ্যে তেওঁক প্ৰত্যৰ্পণৰ বাবে ভাৰত চৰকাৰক ‘আনুষ্ঠানিক পত্ৰ’ দিয়া হৈছে। কিন্তু নতুন দিল্লীয়ে সেই পত্ৰৰ কোনো উত্তৰ দিয়া নাই।
বুধবাৰে ব্ৰিটিছ সংবাদ মাধ্যম স্কাই নিউজক এক সাক্ষাৎকাৰ দিয়ে ইউনুছে। তাত তেওঁক সোধা হৈছিল, হাছিনাৰ সন্দৰ্ভত ঢাকাৰ স্থিতি কি? ইউনুছে কয়, “বিচাৰ আৰম্ভ হ’ব। কেৱল তেওঁৰ (হাছিনাৰ) বিৰুদ্ধে নহয়, যিসকল তেওঁৰ লগত জড়িত আছিল, তেওঁৰ পৰিয়ালৰ সদস্য, তেওঁৰ ঘনিষ্ঠ আত্মীয়, সকলোৱে ন্যায়িক প্ৰক্ৰিয়াৰ সন্মুখীন হ’ব লাগিব।”

কিন্তু তেওঁৰ শাৰীৰিক অনুপস্থিতিয়ে কাৰ্যবিধি বন্ধ নকৰে বুলি উল্লেখ কৰি তেওঁ কয় যে হাছিনা বাংলাদেশত থাকক বা নাথাকক, ভাৰতত থাকিলেও আমি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰো।
হাছিনাৰ বিৰুদ্ধে অভিযোগ, তেওঁৰ কাৰ্যকালত বহু মানুহক অন্তৰ্ধান কৰা হৈছিল। দিনৰ পিছত দিন বিচাৰ অবিহনে আটক কৰি ৰাখিছিল। আনকি একাংশ বন্দীক হত্যাও কৰা হৈছিল। হাছিনা চৰকাৰৰ পতনৰ পাছত পোহৰলৈ আহিছিল ‘আইনাঘৰ’ নামৰ এনে এক গোপন কাৰাগাৰ। তাৰ পৰা বহু কয়দীক মুকলি কৰি দিয়া হৈছে। তাত কেনেধৰণৰ অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল সেই কথাও কয় কয়দীসকলে। কিছুদিন পূৰ্বে ইউনুছে এই ডিটেনচন চেণ্টাৰটো পৰিদৰ্শন কৰিছিল। তেওঁ কয়, “ইয়াতকৈ বেয়া একো নাই। এই অপৰাধত কিমানজন লোক জড়িত আছিল সেয়া বুজিবলৈ টান। পূৰ্বৰ চৰকাৰত থকা প্ৰতিজনেই অপৰাধৰ লগত জড়িত আছিল। কোনে ইচ্ছাকৃতভাৱে এই কাম কৰিছিল, কোনে উৰ্ধতন বিষয়াৰ নিৰ্দেশত অপৰাধ কৰিবলৈ বাধ্য হৈছিল, সেয়া চাব লাগিব।”











