ASSAM TIMES POST
নগাঁওঃ প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰীয়া)ৰ অধীনত নগাঁও চহৰৰ আৰ্থিকভাৱে দুৰ্বল হিতাধিকাৰীৰ বাবে ১,০৭০ টা পকী আৱাস গৃহৰ অনুমোদন লাভ কৰিছে। ইয়াৰে নগাঁও পৌৰসভাই ইতিমধ্যে ২১৪ টা গৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি উলিয়াইছে । বাকী থকা গৃহ সমূহৰ নিৰ্মাণ কাৰ্য দ্ৰুতগতিত চলি আছে। আনহাতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা আৱাস গৃহৰ হিতাধিকাৰী সকলৰ বাবে নগাঁও পৌৰসভাই গৃহ প্ৰৱেশ সমাৰোহ অনুষ্ঠিত কৰিছে। এই গৃহ প্ৰৱেশ সমাৰোহৰ অংশ হিচাপে আজি নগাঁও চহৰৰ ৮ নং ৱাৰ্ডত এটা আৰু ৯ নং ৱাৰ্ডত দুটা গৃহ প্ৰধান মন্ত্ৰী আৱাস যোজনা (চহৰীয়া) ৰ অধীনত হিতাধিকাৰীক অৰ্পণ কৰা হয় ।
নগাঁও পৌৰসভাৰ ৮নং ৱাৰ্ডৰ আৰ্থিক ভাবে দুৰ্বল প্ৰভা শইকীয়া নামৰ বিধৱা মহিলা গৰাকীৰ বাবে উক্ত আঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা পকী গৃহটিৰ আজি প্ৰৱেশ সমাৰোহত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই জন কল্যাণৰ স্বাৰ্থত বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়ন মূলক আঁচনিৰ সফল ৰূপায়ণত ৰাইজৰ সহযোগিতা কামনা কৰে । বিধায়ক শৰ্মাই কয় যে বৰ্তমানৰ চৰকাৰখনে শিশুৰ পৰা আৰম্ভ কৰি বিধৱা মহিলা,অবিবাহিত নাৰী, বৃদ্ধ আদি সকলো শ্ৰেণী লোকক সামৰি বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। একেদৰে আৰ্থিক ভাবে দুৰ্বল শ্ৰেণীৰ লোক সকলে যাতে সুন্দৰ ভাবে এটি পকী ঘৰত বসবাস কৰিব পাৰে তাৰবাবে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নির্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

প্ৰধান মন্ত্ৰীৰ এই আঁচনি সফল ৰূপায়ণৰ বাবে বিধায়ক গৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী সকলক উপযুক্ত পদক্ষেপ গ্ৰহণৰ আহ্বান জনায় ।প্ৰসংগ ক্ৰমে বিধায়ক শৰ্মাই বৰ্তমানৰ চৰকাৰে ৰাইজৰ হিতৰ বাবে যিমান আঁচনি লৈছে ইয়াৰ পূৰ্বে কোনো চৰকাৰে লোৱা নাছিল বুলি মন্তব্য কৰে । সমাজ কৰ্মী সীমান্ত বৰাই আঁত ধৰা অনুষ্ঠানত নগাঁৱৰ পৌৰপতি দিগন্ত দাস, ৮ নং ৱাৰ্ডৰ মহলা আয়ুক্ত ৰিংকুমনি শইকীয়া, নগাঁও পৌৰসভাৰ কাৰ্যবাহী অভিযন্তা ৰাজেশ দাস, কনিষ্ঠ অভিযন্তা ধ্ৰুৱজ্যোতি বৰুৱা আদিয়ে অংশগ্ৰহণ কৰে ।
ইয়াৰ পিচতে নগাঁও পৌৰসভাৰ ৯ নং ৱাৰ্ডত প্ৰধান মন্ত্ৰী আৱাস যোজনা (চহৰীয়া) ৰ অধীনত নিৰ্মাণ কৰা দুটা গৃহ হিতাধিকাৰীক অৰ্পণ কৰে বিধায়ক ৰূপক শৰ্মাই। উল্লেখ্য, প্ৰধান মন্ত্ৰী আৱাস যোজনা (চহৰীয়া) ৰ অধীনত ২লাখ ৯৯ হেজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা একোটা পকী গৃহৰ বাবদ কেন্দ্ৰীয় চৰকাৰে ১ লাখ ৫০ হেজাৰ টকা আৰু ৰাজ্য চৰকাৰে ৫০ হেজাৰ টকা অনুদান আগবঢ়োৱাৰ বিপৰীতে হিতাধিকাৰীয়ে ৯৯ হেজাৰ টকা ব্যয় কৰিব লাগে।













