ASSAM TIMES POST
আছিফ আলি,শিৱসাগৰঃ সমূহ টাই আহোম ৰাইজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত মে-ডাম-মে-ফিৰ উদযাপন কৰা হৈছে।

স্বৰ্গদেউ চাওলুঙ চুকাফাকে ধৰি পুলিন পোথাও সকলৰ স্মৃতি তৰ্পণৰ এই কাৰ্যসূচী দীৰ্ঘ দিনৰ বিৰতিত এইবাৰ ব্যাপক আড়ম্বৰ পূৰ্ণ ভাবে শিৱসাগৰত উদযাপন কৰা হৈছে।
বৃহত্তৰ ৰংপুৰ মে ডাম মে ফি উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই দুদিনীয়া কাৰ্যসূচীত পৰম্পৰাগত ভাবে আয়োজন কৰা বান ফি, ফুৰালুং পূজা আৰু মৈদাম তৰ্পণ আদি অনুষ্ঠানৰ লগতে ভালেমান আকর্ষণীয় কাৰ্যসূচী আছে।

আজি প্ৰথম দিনা কাৰ্যসূচীত চাফাই ,মৈদাম তৰ্পন আৰু পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত কৰা হয় ।
উদযাপন সমিতিয়ে যে জনোৱা মতে কাইলৈ মে ডাম মে ফি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ,প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া,বিশিষ্ট সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা আদিকে ধৰি একাধিক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।














