ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ আজি বিদ্যাৰ অধিষ্ঠিত দেৱী সৰস্বতী পূজা।
ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ বিদ্যালয় মহাবিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মুখৰিত হৈছে বাগ দেৱীৰ বন্দনাৰে।
শিৱসাগৰতো একেই পৰিবেশ।

উদুলি মুদুলি শিৱসাগৰৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয় ।
পুৱাৰে পৰা সৰস্বতী পুজাৰ অৰ্চনাত ব্যস্ত শিক্ষাৰ্থী সকল।

চাকি বন্তি নৈবদ্য আগবঢ়াই সৰস্বতীৰ আৰ্শীবাদ লোৱাত ব্যস্ত হৈ পৰে ছাত্ৰ ছাত্ৰী সকল।
ইপিনে প্ৰতিখন শিক্ষানুষ্ঠানলৈ সাজি কাচি আহিছে সকলো ছাত্ৰ ছাত্ৰী সকল।
সকলোৰে মঙ্গল কামনা কৰি আগন্তুক শিক্ষা বৰ্ষ যাতে সুন্দৰ হয় তাৰে কামনা কৰিছে শিক্ষাৰ্থী সকলে।













