ASSAM TIMES POST
নগাঁওঃ আধুনিকতাৰ ধামখুমিয়াত পৰি সাম্প্ৰতিক সময়ত অসমত সৰস্বতী পূজা ফেশ্বন শ্ব’ লৈ ৰূপান্তৰিত হৈছে।তেনে সময়তে নগাঁও জিলাত এখন মহাবিদ্যালয়ে এক ব্যতিক্ৰমী কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে সৰস্বতী পূজা।ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰন্হ অধ্যয়নৰ বাবে আগ্ৰহ জন্মাবৰ বাবে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাই এখন উপহাৰ কুপন খেল অনুষ্ঠিত কৰে।
সেই উপহাৰ কুপন খেলৰ টিকটৰ মূল্য দহ টকা।উপহাৰ কুপন খেলৰ পুৰস্কাৰ হিচাপে ছাত্ৰ-ছাত্ৰী সকলক কিতাপ বিতৰণ কৰে।মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পল কুমাৰ বৰদলৈয়ে সংবাদমাধ্যমক জনোৱা মতে ছাত্ৰ-ছাত্ৰীক গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰিবৰ বাবেই এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।১০ টকা টিকটৰ উপহাৰ খেলৰ পুৰস্কাৰ হিচাপে ছাত্ৰ-ছাত্ৰীয়ে ১০০ টকাৰ পৰা ৪০০ টকা মূল্যৰো কিতাপ উপহাৰ হিচাপে লাভ কৰে।
৩২ টা পুৰস্কাৰেৰে অনুষ্ঠিত কৰা উপহাৰ কুপন খেলখনক লৈ ছাত্ৰ-ছাত্ৰী সকল উৎসাহিত হৈ পৰে। এনেধৰণৰে বিভিন্ন কাৰ্যসূচীৰে তেওঁলোকে গ্ৰন্থ অধ্যয়নৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক আগ্ৰহ জন্মোৱাৰ চেষ্টা কৰিব ।













