
দেওবাৰ দিনৰ প্ৰায় ২ বজাত ডিফু আৱৰ্ত ভৱনত যোৱা ১৪ মাৰ্চত ডিফু মাছ বজাৰত সংঘটিত হোৱা জঘন্য কাণ্ডকলৈ জিলা আয়ুক্ত নিৰলা ফাংচপীৰ অধ্যক্ষতাত এক শান্তি সভা অনুষ্ঠিত হৈ যায় ৷ জিলা আৰক্ষী অধীক্ষক সুপ্ৰতীভ লাল বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন নাথ, বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্ম, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ বিভাগৰ ভাৰপ্ৰাপ্ত সচিব দিলীপ তেৰাঙৰ উপস্থিতিত কেএছএ, কেএডব্লিউ জেএফ ডিফু বঙালী সমাজ, ডিফু মছজিদ কমিটিকে ধৰি বিভিন্ন দল-সংগঠনে উক্ত শান্তি সভাত অংশ গ্ৰহণ কৰে ৷

ৰুদ্ধ দ্বাৰ সভাখনত প্ৰতিটো দল-সংগঠনৰ নেতা সকলে নিজৰ নিজৰ বক্তব্য ৰাখে বুলি জানিব পৰা গৈছে ৷ সভাৰ অন্তত জিলা আয়ুক্ত নিৰলা ফাংচপীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়যে, আজি সকলো দল-সংগঠনৰ নেতা সকলে জিলাখনত শান্তি- সম্প্ৰিতী অটুট ৰখাৰ বাবে একমত পোষণ কৰিছে ৷ কিয়নো শান্তি অবিহনে উন্নয়ন অসম্ভৱ ৷ ১৪ মাৰ্চত ডিফু মাছ বজাৰত কেএছএ নেতাৰ দাৰে ঘপিয়াই আহত কৰা দোষী নাজিৰুল ইছলামক আৰক্ষী আটক কৰি উচিত আইনৰ ধাৰা অনুসৰি ডিফু থানাত এক গোছৰ ৰুজু তদন্ত কৰি আছে বুলি জনায় আয়ুক্ত গৰাকীয়ে ৷
ইয়াৰোপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উন্নত চিকিৎসা কৰি থকা আহত শুকুৰছিং বৰ্তমান সংকটমুক্ত আৰু শীঘ্ৰেই তেওঁ সুস্থ হব বুলি জনায় ৷ আনহাতে মাছ বজাৰৰ বাহিৰে কালিৰ পৰা সকলো দোকান পোহাৰ ডিফু চহৰত খোলা ৰাখিবলৈ আহ্বান জনায় জিলা আয়ুক্তই ৷ কেৱল মাছ বজাৰৰ ব্যৱসায়িক অনুজ্ঞা পত্ৰ সমূহ পৰিষদৰ বিভাগীয় কৰ্তৃপক্ষই পুণঃৰীক্ষণ কৰাৰ পিছত পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কয় ৷












