ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ আজি বোকাখাতৰ তিনি সংবাদ সংস্থা ক্ৰমে বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাব আৰু ইলেক্ট্ৰনিক মিডিয়া জাৰ্নালিষ্ট এচ’চিয়েশ্যন (ইমজা), বোকাখাতৰ সংবাদকৰ্মী সকলক লৈ এক জৰুৰী যৌথ বৈঠক বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত হৈ যায়। জ্যেষ্ঠ সাংবাদিক বাবুলাল মোৰৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ইতিপূৰ্বে প্রস্তাৱিত “সতী সাধনী বিশ্ববিদ্যালয়”খনি বোকাখাত মহকুমাত স্থাপনৰ আহ্বান জনোৱা হৈছে। নুমলীগড় শোধনাগাৰৰ ‘ন’ ডেভেলপমেন্ট জ’ন’ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ‘ইক’ চেনচিটিভ জ’ন’ ৰূপে চিহ্নিত বোকাখাতত কোনোদিন কোনো উদ্যোগ গঢ়ি উঠাৰ সম্ভাৱনা নথকাৰ বিষয়টোত আজিৰ সভাই উদ্বেগ প্ৰকাশ কৰে।
গতিকে বোকাখাতক শিক্ষা নগৰী (নলেজ ছিটি) ৰূপে গঢ়ি তোলাৰ বাহিৰে আন কোনো বিকল্প নাই। সেয়েহে বৈঠকত সতী সাধনী বিশ্ববিদ্যালয়খনি বোকাখাতত স্থাপনৰ নিশ্চয়তা প্রদান কৰিবলৈ চৰকাৰলৈ আহ্বান জনোৱা হৈছে। এই ক্ষেত্রত বোকাখাতৰ সকলো জাতীয় সংগঠন, ৰাজনৈতিক-অৰাজনৈতিক সংগঠনকো ভিন্ন মতাদর্শৰ উৰ্দ্ধলৈ গৈ এই প্রস্তাৱক শক্তিশালী ৰূপে উপস্থাপন কৰিবলৈ আহ্বান জনোৱা হৈছে।
বৈঠকখনিৰ আঁত ধৰে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য্যই। বৈঠকখনিত আৰু উপস্থিত থাকে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি আৰু সম্পাদক ক্ৰমে ভৱানন্দ কলিতা আৰু উত্তম শইকীয়া, ইমজা বোকাখাতৰ সম্পাদক প্ৰদ্যুত মহন্ত, জ্যেষ্ঠ সাংবাদিকদ্বয় ক্ৰমে বুবুল দত্ত আৰু অমৰ শৰ্মাৰ লগতে বিতুপন বৰা, প্ৰাঞ্জল হাজৰিকা, অজন্তা তালুকদাৰ, বদন দুৱৰা আদি।













