ASSAM TIMES POST
নিউজ ডেস্কঃ
অষ্ট্ৰেলিয়া পুনৰ বনজুইৰ কৱলত পৰিছে৷ ভিক্টোৰিয়া, ছাউথ ৱেলছত এই জুইয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ কোনো কোনো ঠাইত জুইৰ বাবে বিভিন্ন ঘটনা সংঘটিত হৈছে৷
ফলত জনসাধাৰণ ভিতিগ্ৰস্ত হৈ পৰিছে৷ স্থানীয় প্ৰশাসনে ইতিমধ্যে জৰুৰী অৱস্থাৰ ঘোষণা কৰিছে৷ প্ৰায় ৫০০ বাসিন্দাই ঘৰ-বাৰী এৰি আন ঠাইলৈ ধাপলি মেলিছে৷ আনহাতে অষ্ট্ৰেলিয়াৰ বিভিন্ন ঠাইত তাপমাত্ৰা বৃদ্ধি পাইছে৷ গৰম বতাহ বলাৰ লগতে ঠাইবোৰ শুকান হৈ পৰাত জুইয়ে সহজে চানি ধৰিছে৷
চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, মিউজিয়ামত বহু লোকক আশ্ৰয় দিয়া হৈছে৷ তদুপৰি বহু লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰা হৈছে৷ প্ৰাপ্ত সংবাদ মতে এই জুইত ৩৩ জন লোক নিহত হৈছে৷ তাৰে ভিতৰত অগ্নিনিৰ্বাপক বাহিনীৰ লোকো আছে৷ ইতিমধ্যে ১১ মিলিয়ন হেক্টৰ অৰণ্য, উদ্যান জুইয়ে আবৰি পেলাইছে৷













