ASSAM TIMES POST
নগাঁওঃ নগাওঁ জিলাৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত দেওধৰ পঞ্চায়তত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আচঁনি ২০১৯-২০ বৰ্ষৰ অধীনত নিৰ্মিত ” কৃষি বান্ধ ” আচঁনিৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
আচঁনিখন উদ্ধোধন কৰি বিধায়ক গৰাকীয়ে কয় যে এই আচঁনিখনৰ যোগেদি বৃহত্তৰ অঞ্চলটোৰ ৰাইজ উপকৃত হোৱাৰ লগতে দেওধৰ অঞ্চলৰ বৃহৎ সংখ্যক লোকে জৱ কাৰ্ডৰ জৰিয়তে ১০০ দিনৰ মজুৰি লাভ কৰিব।

আচঁনি খন ৰূপায়ণৰ জৰিয়তে দুখীয়া ৰাইজ উপকৃত হোৱাৰ লগতে এই কৃষি বান্ধ নিৰ্মাণৰ ফলত অঞ্চলটোৰ যথেষ্ট উন্নতি সাধন হব। অসম চৰকাৰৰ দ্বাৰা অনুমোদিত এনে ধৰণৰ সুফলদায়ক আচঁনিৰ জৰিয়তে বি,জে,পি নেতৃত্বাধীন চৰকাৰখনে অসমৰ সকলো ধৰণৰ ৰাইজৰ উন্নতি আৰু প্ৰগতিৰ কথা চিন্তা কৰাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা চলাই আহিছে বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে।
পাখিমৰীয়া খন্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তীয়ে আঁত ধৰা সভাখনত দেওধৰ পঞ্চায়তৰ সভাপতি মৃদুল ফুকন,আঞ্চলিক সদস্য প্ৰেমানন্দ হাজৰিকা প্ৰমুখ্যে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।












