ASSAM TIMES POST
নগাঁওঃ নগাঁৱত পোন প্ৰথমবাৰৰ বাবে মুকলি আকাশৰ তলত পথাৰৰ মাজত সম্পূৰ্ণ প্ৰাকৃতিকভাৱে মঞ্চস্থ হ’ল কেইবাখনো নাটক। “ৰ’দঘাই বেবেজীয়া” ৰ দুদিনীয়া ব্যতিক্ৰমী নাট সমাৰোহৰ আজি প্ৰথমটো দিনৰ কাৰ্যসূচীত বেবেজীয়াৰ পথাৰৰ মাজত মঞ্চস্থ হয় তিনিখনকৈ নাটক ।
শব্দযন্ত্ৰ ব্যৱহাৰ নকৰাকৈ ৰ’দৰ পোহৰত মঞ্চস্থ হোৱা এই নাট কেইখন হৈছে- শিল্পকাননৰ “বৰষুণ “, জ্যোতিশিল্পৰ “স্বাতীৰ মাক আৰু হাৱাই চেণ্ডেলৰ ফিটা” আৰু ৰঙ্গালয়ৰ “অ’ মোৰ আই”। নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ এদল নাট্য অনুৰাগীৰ চিন্তাৰ ফচলৰূপে ৰূপায়িত হোৱা এই নাট সমাৰোহ উপভোগ কৰিবলৈ পথাৰৰ নৰা ফালি দৰ্শক অহাও পৰিলক্ষিত হয় ।

অসমৰ ভিন্ন প্ৰান্তৰ নাট্য অনুৰাগী উপস্থিত থকা এই দুদিনীয়া নাট সমাৰোহ দেওবাৰে দিনৰ পোহৰত পাঁচখনকৈ নাটক মঞ্চস্থ হোৱাৰ পিছতে সামৰণি পৰিব ।












