ASSAM TIMES POST
নগাঁওঃ নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি যোৱা নিশা অভিযান চলাই নগাঁও চহৰৰ সমীপৱৰ্তী পলাশনি দলঙৰ ওচৰত ৰূপহী পৰা অবৈধ ভাৱে গৰু সৰবৰাহ কৰা ৬খন চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ছখন ট্ৰাকৰ পৰা মুঠ ১৫১টা পশুধন জব্দ কৰে। আনহাতে অবৈধ ভাৱে ট্ৰাকৰে এই গৰু সমূহ সৰবৰাহ কৰি অনা মুঠ ১৩ জন চোৰাং গৰু সৰবৰাহকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
ধৃত চোৰাং গৰু সৰবৰাহকাৰী কেইজন হৈছে-
জুৰীয়া কালিয়াডিঙাৰ আতাউৰ ৰহমান, মেহদি আলম, ৰূপহীৰ ৰুবুল আমিন, আবিদুৰ ৰহমান, খাইৰুল ইছলাম, মেঘালয়ৰ ৰিজন চুছনী, ইকুয়েষ্ট লাংছিয়াং, লক্ষণ ছৰী, ডকালনিকী ফাৱা, কমভালং খাছানহ, হাফিজুল ইছলাম, লনকে মুখিমে আৰু চংলাংকী বাৰেহ।
আৰক্ষীয়ে চোৰাং সৰবৰাহকাৰী দলটোৱে ব্যৱহাৰ কৰা এ এছ ০২এইচ ৭৮৪৬ নম্বৰৰ চুইফট দিজায়াৰ গাড়ী এখনো জব্দ কৰিছে। আৰক্ষীয়ে ধৃত চোৰাং সৰবৰাহকাৰী কেইজনক নগাঁও সদৰ আৰক্ষী থানালৈ আনি মাৰাথন জেৰা অব্যাহত ৰাখিছে।নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মিনাৰ নেতৃত্বত আৰক্ষীয়ে এই অভিযান চলাই বুলি জানিব পৰা গৈছে ।
উল্লেখ্য, চোৰাং গৰু সৰবৰাহকাৰীয়ে অবৈধ ভাৱে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ বিভিন্ন আৰক্ষী থানাৰ সন্মুখেদিয়েই ট্ৰাকে ট্ৰাকে গৰু সৰবৰাহ কৰি থকাৰ অভিযোগ উঠিছে। নিশা হ’লেই এই চোৰাং ব্যৱসায়ী সকলে জিলা কেইখনৰ বিভিন্ন পথৰেই নিৰ্বিঘ্নে গৰু ভৰ্তি ট্ৰাক সমূহ নগাঁও-গুৱাহাটী পথেৰে যোৰাবাটৰ পৰা মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰে বুলি অভিযোগ উত্থাপিত হৈ আহিছে ।
আনহাতে নগাঁও আৰক্ষীয়েও বিগত বৰ্ষটোত বিভিন্ন সময়ত অভিযান চলাই প্ৰায় শতাধিক চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰাৰ উপৰিও কেবাশ পশু ধন জব্দ কৰে। লগতে দুকুৰিৰো অধিক চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও সময়ে সময়ে পুনৰ সক্ৰিয় হৈ পৰে গৰু সৰবৰাহকাৰী চক্ৰ।












