ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত দহ সহস্ৰাধিক জনতাৰ ৰণশিঙা

ASSAM TIMES POST by ASSAM TIMES POST
February 1, 2020
Reading Time: 1 min read
A A
0

“আন্দোলনকাৰীৰ ওপৰত দমন নচলাব, অন্যথা উফৰি যাব”- ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যঃ

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

logo atp | ASSAM TIMES POSTASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ
আজি আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনে আহ্বান কৰা জনতাৰ ৰণশিঙাত বোকাখাত ৰাজহুৱা খেলপথাৰ ভৰি পৰিল দহ সহস্ৰাধিক লোকেৰে।

আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মনোৱাৰ হুছেইনে শুভাৰম্ভ কৰা অনুষ্ঠানত বক্তব্য প্ৰদান কৰি অসমৰ বিশিষ্ট কৌতুক অভিনেতা বোকাখাত সন্তান অৰুণ হাজৰিকাই বোকাখাতবাসীক এই আন্দোলনক শক্তিশালী ৰূপত আগবঢ়াই নিবলৈ আহ্বান জনায়।

IMG 20200201 WA0030 | ASSAM TIMES POST

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমায়ে জাতিৰ সংকটত নিজৰ সন্তানৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি কোনো প্ৰলোভনত ভোল নাযাবলৈ উপস্থিত ৰাইজক আহ্বান জনাই কয় যে জাতি যেতিয়াই বিপদাপন্ন হয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেতিয়াই জাতিৰ স্বাৰ্থতে জাতিৰ প্ৰহৰী ৰূপে থিয় হয়।

IMG 20200201 WA0030 | ASSAM TIMES POST

চাংমাই-এ লগতে কয় যে বোকাখাতত অনুষ্ঠিত হ’ব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনত জাতিদ্ৰোহী কোনো মন্ত্ৰী বিধায়কৰ উপস্থিতি সহ্য কৰা নহ’ব।

অনুষ্ঠানত ভাগ লৈ বিশিষ্ট অভিনেত্ৰী অমৃতা গগৈয়ে অসমৰ ৰাইজে যেনেকৈ বিচাৰে তেনেকৈ মৃত্যু পৰ্যন্ত যুঁজি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

লগতে সাম্প্ৰতিক সময়ৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত গুণগত লোকেৰে এটি বিকল্প ৰাজনৈতিক দলৰ প্ৰয়োজন হোৱাৰ কথা দোহাৰে।

IMG 20200201 WA0029 | ASSAM TIMES POST

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে কোটিৰ ওপৰত বাংলাদেশী অসমত প্ৰৱেশ কৰাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি কয় যে সীমান্তৰ ২৬৮ কিলোমিটাৰ এই পৰ্যন্ত মুকলি কৰি ৰখাৰ কাৰণো হৈছে যাতে সহজেই বাংলাদেশী অসমত সোমাব পাৰে।

আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে যোৱা ২৪ জানুৱাৰীত আজিৰ স্থানতে চৰকাৰে পতা সংকল্প সমাৰোহক “হাজিৰা সমাৰোহ” বুলি কটাক্ষ কৰি কয় যে প্ৰকৃত বোকাখাতৰ কা-বিৰোধী মানুহখিনি আজিহে সমবেত হৈছে।

আজিৰ অনুষ্ঠানত উপস্থিত থাকি আছুৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসম চৰকাৰৰ এজন মন্ত্ৰীয়ে সমুজ্জ্বল ভট্টাচাৰ্যৰ এটি শ্লোগান “হৌ হৌ হৌ”ক উপলুঙা কৰি কেৱল অসমবাসীকে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক অপমানিত কৰিছে বুলি কয়।

IMG 20200201 WA0032 | ASSAM TIMES POST

লগতে নামনিৰ মহ খেদা উৎসৱৰ গীত “হো হো হো মহোহো” গীতটোক উপলুঙা কৰাৰ ধৃষ্টতা নকৰিবলৈ মন্ত্ৰীজনাক সকিয়াই দিয়ে। লগতে তেওঁ কয় “কা-বিৰোধী আন্দোলনটোৰ পৰা আমি ফল নোপোৱাকৈ থকা নাই। এই আন্দোলন হোৱাৰ পিছতে অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিবলৈ কেন্দ্ৰীয় চৰকাৰ বাধ্য হ’ল। ইটোৰ পাছত সিটো অসমীয়া মানুহৰ প্ৰাপ্য আঁচনিৰ ঘোষণা কৰা হ’ল।

আমাৰ মূল কথাই হ’ল খিলঞ্জীয়াৰ অস্তিত্ব অটুত ৰখা। কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ সকলো পদ খিলঞ্জীয়াৰ বাবে এশ শতাংশই সংৰক্ষণ কৰা।” চৰকাৰে আন্দোলনটোৰ আঁৰত কোনোবা তৃতীয় শক্তিৰ হাত থকা বুলি কৰা অভিযোগৰ স্পষ্ট ভাষাৰে প্ৰত্যুত্তৰ দি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে অসমৰ জনসাধাৰণৰ অসম প্ৰেম, দৃঢ়তা আৰু অসমক সুৰক্ষিত কৰি ৰখাৰ সংকল্পইহে এই আন্দোলনক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে। লগতে কা-বিৰোধী আন্দোলটোত পাঁচজনকৈ সতেজ অসমীয়া ছাত্ৰক গুলিয়াই হত্যা কৰাৰ পাছতো মৃত ছাত্ৰ কেইজনৰ হকে আজি পৰ্যন্ত চৰকাৰে এটা শব্দও উচ্চাৰণ নকৰাৰ বাবে খেদ প্ৰকাশ কৰি কয়- “আমি পুনৰ দাবী জনাইছো, আন্দোলনকাৰীৰ ওপৰত দমন নচলাব। ইয়াৰ অন্যথা উফৰি যাব।”

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই বক্তব্য প্ৰদান কৰি কয় যে আত্ম-মৰ্যদা আৰু আত্ম-সন্মান থকা জাতিপ্ৰেমী ৰাইজৰ এই সমাগমে পুনৰ চৰকাৰক প্ৰত্যাহ্বান জনালে যে ৰাজ্যবাসীৰ লগতে বোকাখাতবাসীয়েও “কা” সমৰ্থন নকৰে।

সভাত “জীপাল”ৰ শ্ৰমিক নেতা সোণেশ্বৰ নৰহ, গোৰ্খা ছাত্ৰ সন্থাৰ উপসভাপতি অৰ্জুন ছেত্ৰীৰ লগতে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অনুসূচিত জনজাতি ছাত্ৰ সন্থাৰ সভাপতি পৰমানন্দ দাস, টাই আহোম ছাত্ৰ সন্থা আৰু অন্যান্য জাতীয় সংগঠনৰ নেতৃবৃন্দই মূলতঃ বক্তব্য ৰাখে।

IMG 20200201 WA0028 | ASSAM TIMES POST

উল্লেখ্য যে আজিৰ এই সমাৰোহৰ প্ৰাকমুহূৰ্তত আছুৰ কেইজনমান কৰ্মীক আৰক্ষীয়ে আটক কৰি নিৰ্যাতন কৰিছে বুলি আছুৰ গোলাঘাট জিলাৰ সভাপতি নিৰঞ্জন সোনোৱালে উল্লেখ কৰিছে। জানিব পৰা মতে সভাৰ শেষত আটক হোৱা ছাত্ৰ কৰ্মী কেইজনক মোকলাই দিয়া হৈছে।

আজিৰ অনুষ্ঠানৰ আঁত ধৰে আছুৰ গোলাঘাট জিলাৰ সভাপতি নিৰঞ্জন সোনোৱাল, বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ গীতাৰ্থ শইকীয়া আৰু যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলাৰ সভাপতি নিলোৎপল খাউণ্ডে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
50
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি
National-International

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

July 11, 2026
50
‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু
National-International

‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু

July 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

July 11, 2026
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

July 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx