
পুৱা সকলোৱে সাজু হৈ ফুৰিবলৈ ওলাই গৈছিল। পহেলগাম পোৱাৰ ঠিক আগতেই গাড়ীত শিশুটিয়ে (Pahalgam attack) কান্দিবলৈ ধৰে। ভোকত কান্দিছিল শিশুটিয়ে। সেই কান্দোনে আচলতে সমগ্ৰ পৰিয়ালটোক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা ৰক্ষা কৰে।

কেঁচুৱাটোৰ বাবেই ৰক্ষা পৰে এটা পৰিয়ালৰ পাঁচজন সদস্য। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, নৱী মুম্বাইৰ বাসিন্দা আন্না চাহেব টেকালে জনোৱা অনুসৰি, তেওঁৰ পুত্ৰৰ পৰিয়াল বন্ধু-বান্ধৱী আৰু চিনাকি লোকৰ সৈতে কাশ্মীৰ ভ্ৰমণ কৰিবলৈ গৈছিল।
গ্ৰুপটোত মুঠ ২৫ জন পৰ্যটক আছিল। মঙলবাৰে পুৱা পহেলগাম অভিমুখে ৰাওনা হয়। কিন্তু পহেলগামলৈ যোৱাৰ ঠিক আগতে নাতিনীৰ ভোক লাগে। ফলত পূৰ্ব পৰিকল্পনা নোহোৱাকৈয়ে পথৰ কাষৰ খাদ্যৰ দোকান এখনত খাবলৈ ৰখো। ঠিক সেই সময়তে বৈছাৰণত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়।
নৱী মুম্বাইৰ বাসিন্দাগৰাকীয়ে লগতে কয় যে খাদ্য খোৱাৰ পিছত পহেলগামত প্ৰৱেশ কৰাৰ সময়ত সেনাই পৰ্যটকৰ গাড়ী ৰখাই দিয়ে। সকলোকে উভতাই পঠায়। তেতিয়াই তেওঁলোকে এই সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ পায়। সন্ধিয়ালৈকে পৰিয়ালৰ কাৰো লগত যোগাযোগ কৰিব পৰা নাছিল তেওঁলোকে। তাৰপিছত ল’ৰাৰ পৰা ভয়ংকৰ অভিজ্ঞতাৰ শুনে। কাশ্মীৰৰ পৰা অতি সোনকালে উভতি আহিব বুলি কয়।
উল্লেখ্য যে মঙলবাৰে বৈছাৰণত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত আছে। ইফালে জম্মু-কাশ্মীৰত নিৰাপত্তা আৰু অধিক শক্তিশালী কৰা হৈছে। সেনা-আৰক্ষীয়ে পৰ্যটকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।









