
কাটাৰৰ ৰাছ লাফান গেছ (Qatar Blast) উৎপাদন কেন্দ্ৰত হোৱা বিস্ফোৰণত নিহত ১৩ জন লোকৰ ভিতৰত ১২ জনেই ভাৰতীয় নাগৰিক। সোমবাৰে নিশা ডোহাত থকা ভাৰতীয় দূতাবাসে এই তথ্য নিশ্চিত কৰে। লগতে এই ঘটনাত আহত আটাইকেইজনৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ আৰু চিকিৎসাধীন হৈ থকা বুলিও জানিবলৈ দিয়ে।

কাটাৰৰ শক্তি মন্ত্ৰী তথা ‘কাটাৰ শক্তি’ৰ মুৰব্বী সাদ আল-কাবীয়ে এক বিবৃতিত কয় যে এই বিস্ফোৰণত ১৩ জন লোকৰ মৃত্যু হৈছে।
ইয়াৰে ভিতৰত ১২ জন ভাৰতীয় আৰু এজন পাকিস্তানী। আহত হয় আন ৬৬ জন। সকলোৰে অৱস্থা সুস্থিৰ। সম্প্ৰতি তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে কাটাৰ প্ৰশাসনে।
কৰ্তৃপক্ষই এই কাণ্ডক ‘কাৰিকৰী দুৰ্ঘটনা’ বুলি অভিহিত কৰিছে। ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে।
কিন্তু এই বিস্ফোৰণত প্ৰকৃতিৰ কোনো ক্ষতি হোৱা নাই আৰু সাধাৰণ জনতাৰ স্বাস্থ্যৰ বাবে বিপজ্জনক কোনো গেছ ৰাছ লাফানত নিৰ্গত হোৱা নাই বুলি প্ৰকাশ। আল-কাবীৰ মতে, এই বিস্ফোৰণে তেওঁলোকৰ আমদানি আৰু ৰপ্তানিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে।
ডোহাত থকা ভাৰতীয় দূতাবাসে বিস্ফোৰণত নিহতসকলৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁলোকে নিজৰ এক্স হেণ্ডেলত এই বিষয়ে এটা পোষ্ট কৰিছে।
ইয়াত লিখা আছে, “দেওবাৰে নিশা ঔদ্যোগিক চহৰ ৰাছ লাফানত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাত দুৰ্ভাগ্যজনকভাৱে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ।” কাটাৰ চৰকাৰৰ সমন্বয়ত সকলো কাম কৰা হৈছে বুলিও কয়।
দেওবাৰে নিশা কাটাৰৰ ঔদ্যোগিক চহৰ ৰাছ লাফানত সংঘটিত হয় এক বিস্ফোৰণ। ইয়াৰ পিছতে তাত অগ্নিকাণ্ড সংঘটিত হয়।
ৰাছ লাফান কাটাৰ আৰু সমগ্ৰ বিশ্বৰ অন্যতম বৃহৎ প্ৰাকৃতিক গেছ (এল এন জি) উৎপাদন আৰু ৰপ্তানি কেন্দ্ৰ। বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। এই ঘটনাত ১৩ জন লোক নিহত হোৱাৰ লগতে ৬৬ জন আহত হয় বুলি চৰকাৰে জানিবলৈ দিয়ে। সংগঠনটোৱে জনোৱা মতে, বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে।











