ASSAM TIMES POST
নগাঁও : নগাঁও চহৰৰ সমীপৰ মৰিকলঙৰ যুৰীয়া নামঘৰৰ সমীপত আজি বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত এজন ইমাম নিহত হয়। নিহত ইমাম জনৰ নাম জাহাঙ্গীৰ ইছলাম । নগাঁও চহৰৰ শইকীয়া মছজিদৰ ইমাম জাহাঙ্গীৰ ইছলামে আজি নিজগৃহ ভোটাইআটিৰ পৰা বাইকেৰে নগাঁও চহৰৰ দিশে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এ এছ ০২ কিউ ২৫০৭ নম্বৰৰ বাইকৰ লগত মুখামুখি সংঘৰ্ষ হয়।
ফলত ইমাম জাহাঙ্গীৰ ইছলাম (৪৭) গুৰুতৰ ভাবে আহত হয়। আহত জাহাঙ্গীৰ ইছলামক লগে লগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।অতি নম্ৰ আৰু অমায়িক স্বভাবৰ ধৰ্মপৰায়না লোক জনৰ এনে আকস্মিক মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰে ।
ইমাম গৰাকীৰ মৃত্যুত নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।












