ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁৱত আজি দুপৰীয়া সংঘটিত হয় এক চুৰিকাঘাটৰ ঘটনা । চহৰখনৰ দক্ষিণ হয়বৰগাঁৱত এগৰাকী মহিলাক নিজ গৃহতে মুখত ক’লা কাপোৰ বান্ধি অহা দুৰ্বৃত্তই চুৰিকাঘাট কৰে ।
চুৰিকাঘাটত গুৰুতৰ ভাবে আহত মহিলা গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু অধিক ৰক্তক্ষৰণ হৈ অৱস্হা জটিল হোৱাত পিছত গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় । আহত মহিলা গৰাকীৰ নাম গুলচান ফিৰদৌচি । দক্ষিণ হয়বৰগাঁৱত তেওঁলোকৰ ঘৰতে আছে এটা পেয়িং গেষ্ট হাউচ । আজি দুপৰীয়া প্ৰায় এক বজাত তেওঁলোকৰ ঘৰত উপস্হিত হয় দুখন মটৰ চাইকেলত উঠি অহা তিনিজন দুৰ্বৃত্ত ।
দুৰ্বৃত্ত কেইজনৰ মুখত ক’লা কাপোৰ বন্ধা আছিল । দুৰ্বৃত্ত কেইজনে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মহিলা গৰাকীক এজনে উপৰ্যুপৰি চুৰিৰে আঘাত কৰে । এই ঘটনা সংঘটিত হোৱাৰ পিছতে মহিলা গৰাকীয়ে প্ৰাণ বচোৱাৰ বাবে চিঞৰ বাখৰ কৰে । মহিলা গৰাকীৰ চিঞৰত ঘৰটোৰ ওপৰ মহলাত থকা পেয়িং গেষ্ট হাউচৰ ছোৱালী কেইজনী মানৰ লগতে ওচৰৰ আন মানুহ ওলাই অহাত দুৰ্বৃত্ত কেইটাই পলায়ন কৰে ।
আহত মহিলা গৰাকীক ততাতৈয়াকৈ হস্পিতালত ভৰ্তি কৰা হয় । মহিলা গৰাকীক কি কাৰণে হত্যাৰ চেষ্টা কৰা হৈছিল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই । অৱশ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।












