ASSAM TIMES POST
নগাঁওঃ অসমৰ আদিবাসী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত আদিবাসী ছাত্ৰ-ছাত্ৰী সকলে ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে।
অসমৰ আদিবাসী সকলক জনজাতিকৰণ কৰা , আদিবাসী পৰিয়ালক ভূমি অধিকাৰ প্ৰদান কৰা, ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা, চাহ মজদুৰৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, অসমৰ আদিবাসী সকলক অসম চুক্তিৰ ছয় নং দফাৰ জড়িয়তে নিৰাপত্তা প্ৰদান কৰাকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত আদিবাসী ছাত্ৰ সন্থাই এই ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে ।
সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি থানেশ্বৰ গৌড়, সাধাৰণ সম্পাদক জেমচ্ ভেংৰা আৰু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক পূৰণ গঞ্জুৰ নেতৃত্বত ধৰ্নাকাৰী সকলে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে । ধৰ্নাৰ অন্তত সন্থাৰ নগাঁও জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জড়িয়তে তেওলোকৰ দাবী সমূহ সমাধান কৰাৰ দাবীত প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰন কৰে।











