ASSAM TIMES POST
অজন্তা তালুকদাৰ, বােকাখাতঃ বােকাখাত সদৰ থানাৰ অন্তৰ্গত ৰজাবাৰীৰ পৰা বােকাখাত যানবাহন আৰক্ষীয়ে এখন পৰিত্যক্ত গাড়ী উদ্ধাৰ কৰে। নগাঁৱৰ দিশৰ পৰা চুৰি কৰি অনা গাড়ীখন যি কোনাে পৰিস্থিতিত পৰি চোৰে এৰি থৈ যােৱা বুলি সন্দেহ কৰা হৈছে। ব’লেৰ’ পিক আপ গাড়ীখনৰ প্রকৃত নম্বৰ এ এচ ০২ বি চি ৭৮৬২ যদিও এই নম্বৰ প্লেটৰ ওপৰত ৰং সানি অন্য নম্বৰ লিখি চুৰি কৰি আনিছিল। গাড়ীৰ মালিক নগাঁৱৰ মহমদ ৰাহুল আলি বুলি জানিব পৰা গৈছে।












