ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাতৰ বৌদ্ধিক আন্দোলনৰ অন্যতম উৎস-ভূমি বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ২০২০ বৰ্ষৰ মহাবিদ্যালয় সপ্তাহৰ সামৰণি পৰে ৩ ফেব্ৰুৱাৰীত। এই উদ্দেশ্যে মহাবিদ্যালয়ৰ স্বৰ্গীয় প্ৰবীণচন্দ্ৰ বৰঠাকুৰ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানৰ সভাপতিত্ব কৰে ছাত্ৰ একতা সভাৰ উপ সভাপতি দ্বীপজ্যোতি সুবেদীয়ে ।
অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক শৈলেন্দ্ৰ নাথ তামুলী, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° জয়ন্ত গগৈ , উপাধ্যক্ষা মানসী ফুকন , অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° ৰুবী বৰা , আৰু আন এগৰাকী জ্যেষ্ঠ অধ্যাপক অতুল বেজবৰুৱা। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক চন্দন দাসে উদ্দেশ্যে বাখ্যা কৰা সভাত মুখ্য অতিথি শৈলেন্দ্ৰ নাথ তামুলীয়ে ভাষণত কয় যে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক মানসিক উৎকৰ্ষ সাধনৰ বাবে একোখন শিক্ষানুষ্ঠানৰ এনেধৰণৰ প্ৰতিযোগিতাৰ প্ৰয়োজন আছে।
এই অনুষ্ঠানটোত মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে নাওখেলৰ গীত পৰিবেশন কৰে। চলিত বছৰৰ মহাবিদ্যালয় সপ্তাহত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে পুৰুষ শাখাত ধ্ৰুৱজ্যোতি দত্ত আৰু মহিলাৰ শাখাত পূজা দেৱীয়ে। শ্ৰেষ্ঠ সাহিত্যিক আৰু শ্ৰেষ্ঠ সংগীত শিল্পীৰ বঁটা লাভ কৰে ক্ৰমে মৌচুমী বৰুৱা আৰু প্ৰতিমা অধিকাৰীয়ে। অনুষ্ঠানটোত উপস্থিত থাকে মহাবিদ্যালয় খনৰ অধ্যাপক বৃন্দ ক্ৰমে সুবোধ বৰা, প্ৰশান্ত শইকীয়া, শশাংক ধৱল শইকীয়া, পাপৰি বৰা মহন্ত, বনশ্ৰী ভূঞা আদি। অনুষ্ঠানটোৰ আঁত ধৰে বিশ্বজিৎ দাসে ।












