ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ উলহ মালহেৰে মুখৰ হৈ পৰিছে বোকাখাত মহকুমাৰ কমাৰগাঁৱৰ দিহিঙ্গীয়া মহুৰা পথাৰ।

কিয়নো এই পথাৰৰ সেউজ বুকুত প্ৰতিষ্ঠা হৈছে অহা ৫ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ থলীৰ।

অৰ্থ সংকট স্বত্তেও ২ কোটি ৮০ লাখ টকাৰ বাজেটৰ প্ৰস্তুতিৰে সাজু হৈ উঠিছে আদৰণি সমিতিৰ লগতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ বোকাখাত অঞ্চলৰ ৰাইজ।












