ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত মহকুমা পালনাম সমিতিৰ উদ্যোগত আৰু ৰজাবাৰী আঞ্চলিক পালনাম সমিতিৰ সহযোগত, ৰজাবাৰী মাধৱপুৰ নামঘৰত ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা দিহানাম প্ৰতিযোগিতাৰ অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে মহকুমা পালনাম সমিতিৰ উপদেষ্টা ভোগেশ্বৰ তামুলীয়ে । বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ খেলুৱৈ চেনীৰাম শইকীয়াই।
স্মৃতি তৰ্পন কৰে বুবুল বৰাই। মাধৱপুৰ খেলৰ পাঠক থানেশ্বৰ শইকীয়াই কীৰ্ত্তন পাঠ কৰে। মুঠ এঘাৰটা দলে অংশগ্ৰহণ কৰা দিহানাম প্ৰতিযোগিতাৰ উদ্বোধন কৰে মহকুমা পালনাম সমিতিৰ উপদেষ্টা যাদৱ হাজৰিকাই।
প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে নুমলীগড় শ্বাস্বতী মহিলা দিহানাম দলে। ক্ৰমে খতিয়াখলীৰ চন্দ্ৰকলা মহিলা দিহানাম দল আৰু জ্যোতিপুৰৰ কাবেৰী মহিলা দিহানাম দলে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে।
বাদ্যযন্ত্ৰত হাহঁচৰা বিলতীয়া মহিলা দিহানাম দল আৰু উদগনি বঁটা লাভ কৰে ক্ৰমে দূৰ্গাপুৰ আৰু বুধবাৰী মহিলা দিহানাম দলে। বিজয়ী আৰু পাৰদৰ্শী দল সমুহক নগদ ধন, মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত বোকাখাত মহকুমা পালনাম সমিতিৰ সভাপতি খগেশ্বৰ বৰা,কাৰ্যকৰী সভাপতি সুৰেন্দ্ৰনাথ গগৈ, উপ-সভাপতি পোনাৰাম গগৈ, চুচেন দুৱৰা, আৰু ৰবীন ডেকা, মূখ্য সম্পাদক বিনন্দ চন্দ্ৰ বৰুৱা, যুটীয়া সম্পাদক দেৱানন্দ বৰা আৰু মুকুল বৰুৱাৰ লগতে মাধৱপুৰ নামঘৰ খেলৰ পুৰুষ মহিলা সকল উপস্থিত থাকে। অনুষ্ঠানৰ আঁত ধৰে মুকুল বৰুৱা আৰু মৃদুল বৰাই।












