ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাৰ গোলাঘাট মণ্ডলৰ খেল সমূহৰ চূড়ান্ত খেলখন বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ সৌজন্যত বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যায়। আজিৰ আৰম্ভণি খেল ঘৰুৱা জে ডি এচ জি মহাবিদ্যালয় বনাম ডি আৰ কলেজ গোলাঘাটৰ মাজত অনুষ্ঠিত হয়।
প্ৰতিযোগিতা খনিত টছত জিকি পোনতে বেটিং কৰি ১০.৫ অভাৰত সকলো উইকে হেৰুৱাই ২৯ ৰাণ কৰে । আনহাতে ডি আৰ কলেজে ৫.৩ বলত এটা উইকেট হেৰুৱাই প্ৰয়োজনীয় ৰাণ সংগ্ৰহ কৰি বিজয়ী হয় । ডি আৰ কলেজৰ বেদান্ত শেখৰ ৰাজখোৱাই ৫.৫ অভাৰত ৭ ৰাণ দি ৮ টা উইকেট দখল কৰে । ডিব্রুগড় বিশ্ববিদ্যালয়ত হব লগা পৰৱৰ্তী ৰাউণ্ডলৈ প্ৰৱেশ কৰে।












