
সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি শণিবাৰে বিয়লি প্ৰায় ৩ বজাত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত বিশ্ব ৰক্ত দাতা (World Blood Donor Day) দিৱস উদযাপন কাৰ্যসূচীৰ সামৰণি পৰে ৷

পূৱ কাৰ্বি আংলং জিলা বিজেপিৰ ভাৰতীয় জনতা যুৱ মৰ্চা, বিশ্ব হিন্দু পৰিষদ, আৰএছএছ আৰু ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰা হয় বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰা হয় ৷
উক্ত ৰক্ত দাতা দিৱসৰ কাৰ্যসূচীত পূৱ কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰলেণ্ড কিলিং, বিজেৱাইএমৰ সভাপতি জিতেন বেপী, পেথলজি বিভাগৰ মুৰব্বী অধ্যাপক অপৰ্ণা লাংথাছা, সহকাৰী অধ্যাপক ৰিণি ফংলোছা, দণ্ডাধীশ জেমছ দৈমাৰী বিশ্ব হিন্দু পৰিষদ আৰু আৰএছএছৰ টুটন আচাৰ্যী আৰু পৰিতোষ চক্ৰৱৰ্তী আৰু অনান্য কৰ্ম কৰ্তা সকল উপস্থিত থাকে ৷
“গিভ ব্লাড, গিভ হ’প, টুগেদাৰ উই ছেভ লাইভচ” মট’ হিছাপে লৈ উদযাপন কৰা বিশ্ব ৰক্ত দাতা দিৱসত ডিএমচিএইছত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী, বিজেৱাইএমৰ সদস্য লগতে বিশ্ব হিন্দু পৰিষদ আৰু আৰএছএছৰ অৰ্ধ শতাধিক দাতাই ৰক্ত দান কৰে ৷













