
সোমবাৰে দিনৰ তিনি বজাত খটখটী আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি খটখটী আৰক্ষীৰ প্ৰচেষ্টাত ১৩ বছৰ পাছত চাঞ্চল্যকৰ হত্যাকাৰী নুৰ হুছেইনক গ্ৰেপ্তাৰ কৰি আজি খটখটী আৰক্ষীয়ে ডিফু আদালতৰ জৰিয়তে প্ৰেৰণ কৰে জেল হাজোতলৈ।উল্লেখ্য যে, বোকাজান মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ লাহৰিজান ১৪ বছৰ চানডে বজাৰত নুৰ হুছেইনে হত্যা কৰিছিল মৰিগাঁৱৰ চাহাদুল ইছলামক ৷

২০১৩ চনত হত্যাকাণ্ড সংগঠিত কৰি ছদ্মনামেৰে আত্ম গোপন কৰিছিল হত্যাকাৰী নুৰ হুছেইনে । কৰ্ণাটকলৈ গৈ ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰি হত্যাকাৰী নুৰ হুছেইনে ছদ্ম নাম ৰাখিছিল এলাবেড এক্কা ৷ বিগত এটা দশক ধৰি বোকাজান খটখটী আৰক্ষীৰ চকুত ধুলি আত্মগোপন কৰি আছিল হত্যাকাৰী টোৱে অৱশেক্ষত খটখটী আৰক্ষীৰ অভিযানত বোকাজান জপৰাজান টিন বস্তিত জালত পৰে হত্যাকাৰী নুৰ হুছেইন।













